বেংকৰ Fixed Deposit সম্পূৰ্ণ ৰূপে সুৰক্ষিত নহয় , বিনিয়োগৰ আগতে জানি লওঁক

do you know investing in fixed deposit is also risky

do you know investing in fixed deposit is also risky

ফিক্সড ডিপজিট (FD) নামটোৱে বুজায় যে এনে বিনিয়োগৰ এটা নিৰ্দিষ্ট ম্যাদ থাকে। একে সময়তে ইয়াৰ পৰা লাভ কৰা সুতৰ পৰিমাণো নিৰ্ধাৰণ কৰা হয়। আৰু এই কাৰণেই মধ্যবিত্ত শ্ৰেণীত বিনিয়োগ কৰাৰ বাবে FD হৈছে আটাইতকৈ জনপ্ৰিয় বিকল্প । বিনিয়োগৰ প্ৰথম পদক্ষেপ হ’ল ধন জমা কৰা। বিনিয়োগৰ ম্যাদ ৭ দিনৰ পৰা ১০ বছৰ, কিছুমান ক্ষেত্ৰত ২০ বছৰ হ’ব পাৰে। ফিক্সড ডিপজিটৰ বাবে সুকীয়া একাউণ্ট খুলিব নালাগে। কাৰণ বিনিয়োগকাৰীৰ সঞ্চয় একাউণ্টৰ সৈতে ফিক্সড ডিপ’জিট জড়িত কৰিব পাৰে। সাধাৰণতে FD দুই প্ৰকাৰৰ হয় এটা বেংক FD, আনটো কৰ্পৰেট FD ।

কৰ্পৰেট FD সমূহে অধিক সুতৰ হাৰ প্ৰদান কৰে কিন্তু সেই ক্ষেত্ৰত বেংকৰ FD তকৈ ৰিস্ক বেছি হয় । বেংকৰ FD ৰ ওপৰত গ্ৰাহকে নিৰ্দিষ্ট সুত পায় কিন্তু ইয়াৰ লগত জড়িত বিপদৰ বিষয়ে বেছিভাগ মানুহেই নাজানে । FD ত বিনিয়োগ কৰাৰ আগতে এই কেইটামান কথা জনাটো উচিত ঃ

সম্পূৰ্ণ সুৰক্ষিত নহয় -

সাধাৰণতে সকলোৱে ভাবে যে FD ত টকা ৰখাটো নিৰাপদ কিন্তু বেংকটো দেউলীয়া হ’লে গ্ৰাহকক ৫ লাখ টকা পৰ্যন্তহে সুৰক্ষিত হ’ব । বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ’ব । DICGC বেংকে কেৱল ৫ লাখ টকা পৰ্যন্ত নিশ্চয়তা প্ৰদান কৰিছে ।

লিকুইডিটি সমস্যা-

বিশেষজ্ঞসকলৰ মতে, বেংকৰ FD ত লিকুইডিটিৰ সমস্যা আছে প্ৰয়োজন হ’লে মেচিউৰিটিৰ পূৰ্বে FD ভাঙি ধন উলিয়াব পাৰে কিন্তু তাৰ ওপৰত পেনাল্টি দিব লাগিব । FD ৰ ওপৰত জৰিমনা বিহাৰ পৰিমাণ বেংকভেদে বেলেগ বেলেগ । যদি আপুনি কৰ সঞ্চয়ত ধন বিনিয়োগ কৰে তেন্তে ৫ বছৰৰ আগতে ধন উলিয়াব পাৰিব কিন্তু সেই ক্ষেত্ৰত আপুনি আয়কৰ ৰেহাই নাপাব ।

মুদ্ৰাস্ফীতি অনুসৰি ৰিটাৰ্ণৰ মিল নাথাকিব

ফিক্সড ডিপজিটৰ সুতৰ হাৰ আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয় । মুদ্ৰাস্ফীতি বৃদ্ধি পাই থকাৰ বাবে FD ৰ ৰিটাৰ্ণৰ হাৰ বহু কম । যোৱা মাহৰ তথ্য অনুসৰি মুদ্ৰাস্ফীতি ৬.০৪ শতাংশলৈ হ্ৰাস পাইছে । ইয়াৰ তুলনাত FD ত কম সুত পোৱা যায় অৰ্থাৎ গ্ৰাহকে FD ৰ ওপৰত ঋণাত্মক ৰিটাৰ্ণ লাভ কৰি আছে ।

কৰ বোজা-

যদি আপুনি ৬০ বছৰৰ তলৰ হয় তেন্তে FD ৰ ওপৰত আদায় কৰা সুতৰ ওপৰত কৰ দিব লাগিব । জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত সুতৰ ৰেহাইৰ ব্যৱস্থা আছে । আপুনি পোৱা সুতৰ পৰিমাণ আপোনাৰ আয়ৰ লগত যোগ কৰিলে আপুনি স্লেব অনুসৰি কৰ দিব লাগিব ।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.