health benefits eating soaked nuts ayurveda suggests soaking nuts eight hours consumption
বাদাম, মচুৰ দাইল, আলমণ্ড স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। শৰীৰ সুস্থ কৰি ৰাখিবলৈ দৈনিক খাদ্য গ্ৰহণ কৰিব লাগে। কিন্তু বহুতে বাদাম সঠিকভাৱে নাখায়। কোনোবাই আকৌ অতিৰিক্ত সেৱন কৰে। এইটো হিটৰ বিপৰীত। বাদামত ভিটামিন ই, কেলচিয়াম, চেলেনিয়াম, কপাৰ, মেগনেছিয়াম আৰু ৰাইব’ফ্লেভিন থাকে। ইয়াৰ উপৰিও ইয়াত আইৰণ, পটাছিয়াম, জিংক আৰু বি ভিটামিন, নিয়াচিন, থাইয়ামিন আৰু ফ’লেট থাকে। গতিকে দৈনিক ইয়াক গ্ৰহণ কৰাটো স্বাস্থ্যকৰ। বাদামত স্বাস্থ্যসন্মত চৰ্বি, প্ৰটিন আৰু আঁহ থাকে।
কিমান খাব লাগে (পৰিমাণ)?
বাদাম খোৱাৰ অৰ্থ এইটো নহয় যে আপুনি বহুত খাব! যিসকল লোকৰ হজম শক্তি থাকে, প্ৰতিদিনে ব্যায়াম কৰে, তেওঁলোক স্বাস্থ্যসন্মত - প্ৰতিদিনে এমুঠি বাদাম খায়। তদুপৰি প্ৰতিদিনে মধ্যমীয়া পানী সেৱন কৰিব লাগে।
অতিৰিক্ত খালে কি হ’ব?
অতিৰিক্ত বাদামৰ ফলত বদহজম, পেটত গধুৰতা, বুকু জ্বলা-পোৰা আনকি ডায়েৰিয়া আৰু ওজন বৃদ্ধি হ’ব পাৰে। কাৰণ, বাদামত ৬০ শতাংশ চৰ্বি থাকে।
কেনেকৈ খাব লাগে?
আয়ুৰ্বেদৰ মতে বাদাম হজম হোৱাটো কঠিন। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ চৰ্বি, প্ৰটিন আৰু আঁহ থাকে। ফলত শৰীৰটো গৰম হৈ পৰে। গতিকে যেতিয়াই খাব তেতিয়াই ৭ৰ পৰা ৮ ঘণ্টা তিয়াই ৰাখিব। তিয়াইলে ইয়াৰ তাপ কমি যায়। ফাইটিক এচিড / টেনিন আঁতৰাই পেলোৱা হয়। বাদামৰ পৰা শৰীৰে সহজে পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে। তিয়াই থোৱা খাবলৈ ভাল নাপালে শুকান বাদামবোৰ থেতেলিয়াই দিব। সেই গুড়িটো খাব পাৰি।
তিয়াই থোৱা বাদামে শৰীৰত আঁহ, প্ৰটিন, ভিটামিন ই, মেগনেছিয়াম আৰু ফছফৰাছ শোষণ কৰাত সহায় কৰিব পাৰে। হজম হোৱাত কোনো সমস্যা নহয়। শৰীৰৰ ওজন কমাব পাৰে তিয়াই থোৱা বাদামে। কাৰণ ইয়াত লাইপেজ নামৰ এবিধ এনজাইম থাকে। বাদাম তিয়াইল খালে মগজুও সক্ৰিয় হয়। বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি কৰে। বাদাম তিয়াই ছালখন উজ্জ্বল কৰি তুলিবলৈও পুষ্টিবিদসকলে পৰামৰ্শ দিয়ে। ভিটামিন ইৰ লগতে এন্টিঅক্সিডেন্ট ছালৰ স্বাস্থ্যৰ বাবে অতি উত্তম।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati