the hair will be thick again the skin will be tight eat these 4 anti ageing foods
বয়স বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ ছাপ মুখত ৰৈ যায়। ছাল খুটুৰা পৰে ,চুলিও পাতল হ’ব পাৰে। কিন্তু বহুক্ষেত্ৰত ই অকালতে ঘটে। ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। পুষ্টিৰ অভাৱৰ পৰা আৰম্ভ কৰি ধূমপান আৰু মদ্যপানলৈকে জীৱনশৈলীয়ে এই সমস্যাৰ সৃষ্টি কৰিব পাৰে।
কিন্তু ইয়াৰ বিপৰীত ক্ৰিয়াও সম্ভৱ। অৰ্থাৎ কিছুমান বিশেষ খাদ্য বা পুষ্টিকৰ উপাদান আছে যিয়ে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰিব পাৰে। কেৱল সেয়াই নহয়, বয়সৰ চাপ থাকিলে সেইয়া মচি পেলাবও পাৰে।
কেৱল এইয়াই নহয়, এই সকলোবোৰ খাদ্য বা পুষ্টিকৰ উপাদান নিয়মিতভাৱে শৰীৰলৈ গ’লে চুলিৰ পুৰণি ঘনত্ব ঘূৰি আহিব পাৰে। ছালৰ পৰা বলিৰেখাৰ পৰিমাণো কমাব পাৰি। সেই কথাই বিশেষজ্ঞ সকলে কয়। কি কি খাব লাগে চাওঁ আহক।
Green Tea: এই চাহত এপিগালোকেটেচিন গেলেট (EGCG) নামৰ এবিধ পলিফেনল থাকে। বয়সৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত ই অতি সহায়ক। প্ৰতিদিনে একাপ গ্ৰীণ টি খাব পাৰে। ইয়াৰ ফলত বয়সৰ লগত জড়িত ৰোগৰ পৰিমাণ কমি যাব।
Resveratrol: এইটোও এক প্ৰকাৰৰ পলিফেনল এন্টিঅক্সিডেন্ট। ই শৰীৰত কিছুমান বিশেষ হৰম’নৰ নিঃসৰণ বৃদ্ধি কৰে। ইয়াৰ ভিতৰত চিৰটুইন নামৰ প্ৰমোটাৰবোৰো আছে। ই আয়ুস বৃদ্ধি কৰাত সহায় কৰে আৰু অধিক সময় সুস্থ হৈ থাকে। এই ৰেচভেৰাট্ৰল আলমণ্ড, পিষ্টা, আঙুৰ, ডাৰ্ক চকলেট, ৰেড ৱাইনৰ দৰে বস্তুত পোৱা যায়।
Lycopene : ছালৰ পৰা ওলোৱা বলিৰেখা কমাব বিচাৰেনে? গ্লোয়িং আৰু টান ছাল বিচাৰেনে? তেতিয়া হলে এই সামগ্ৰীয়ে আপোনাক সহায় কৰিব পাৰে। বিলাহী ই প্ৰচুৰ পৰিমাণে পোৱা যায়। তৰমুজ আৰু ৰঙা আঙুৰটো প্ৰচুৰ পৰিমাণে থাকে।
Curcumin: বাৰ্ধক্যৰ লক্ষণসমূহ কমোৱাৰ বাবে এইবিধ আটাইতকৈ প্ৰয়োজনীয় উপাদান। কাৰণ এই এন্টিঅক্সিডেন্টে কোষৰ বয়স বৃদ্ধি ৰোধ কৰে। বয়স বৃদ্ধিৰ ফলত শৰীৰৰ কোষৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেইটোৱেই হৈছে বাৰ্ধক্যৰ আটাইতকৈ ডাঙৰ কাৰণ। কাৰকুমিনে সেইটো প্ৰতিহত কৰে। হালধিত এই কাৰকুমিন সৰ্বাধিক পৰিমাণে পোৱা যায়। সেয়ে নিয়মিতভাৱে হালধি খালে বয়সৰ চাপ কমি যাব।
*এই লেখাত দিয়া পৰামৰ্শসমূহ সাধাৰণ তথ্যৰ বাবে দিয়া হৈছে। কোনো ৰোগৰ লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব ।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati