বৃদ্ধি পাইছে নেকি আপোনাৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা ? চকুলৈ চাই কেনেকৈ বুজিব পাৰি ?

certain eye symptoms can indicate high cholesterol level say experts

certain eye symptoms can indicate high cholesterol level say experts

অতিৰিক্ত কলেষ্টেৰল শৰীৰৰ বাবে উপকাৰী নহয়। ই ৰক্তবাহী নলীত জমা হৈ শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচলত বাধাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ অতিৰিক্ত কলেষ্টেৰলে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে। গতিকে সময় পাওতেই সাৱধান হোৱা উচিত ।

উচ্চ কলেষ্টেৰলৰ লক্ষণসমূহ সাধাৰণ মানুহে বুজিবলৈ অতি কঠিন। গতিকে তেজত কলেষ্টেৰলৰ মাত্ৰা নিয়মিতভাৱে পৰীক্ষা কৰিব লাগিব। তেজৰ পৰীক্ষাৰ উপৰিও কিছুমান শাৰীৰিক লক্ষণে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ ইংগিত দিব পাৰে। এনে এটা সংকেত হ’ল চকুৰ ৰেটিনা আৰু কৰ্ণিয়াৰ কিছু অস্বাভাৱিক পৰিৱৰ্তন।

আধুনিক গৱেষণাৰ পৰা দেখা গৈছে যে চকুৰ এই দুটা অংশত কিছুমান পৰিৱৰ্তন হ’লে কলেষ্টেৰলৰ মাত্ৰা বেছি হোৱাৰ ইংগিত দিব পাৰে। এই পৰিৱৰ্তনবোৰ কেনেকুৱা হৈছে ? বিশেষজ্ঞসকলে কয় যে মানুহৰ কৰ্ণিয়াৰ চাৰিওফালে প্ৰায়ে বগা ঘূৰণীয়া দাগ দেখা যায়। বিজ্ঞানৰ ভাষাত ইয়াক অৰ্কাছ বুলি কোৱা হয়। সাধাৰণতে বয়সৰ লগে লগে ই গঠন হয়। কিন্তু বহুক্ষেত্ৰত উচ্চ কলেষ্টেৰলৰ সমস্যাত ভুগি থকা ৰোগীৰ ক্ষেত্ৰতো এই ঘূৰণীয়া দাগ গঠন হ’ব পাৰে। ইয়াৰ উপৰিও ৰং অলপ সলনি হ’ব পাৰে। গতিকে এনে সমস্যাৰ সৃষ্টি হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.