এই যোগ ব্যায়ামে বৃদ্ধি কৰিব আপোনাৰ শাৰীৰিক শক্তি , অন্তৰ্ভুক্ত কৰক দৈনিক ৰুটিনত

yoga for boosting stamina assamese

yoga for boosting stamina assamese

শৰীৰটোক অনুকূলভাৱে কাম কৰি ৰাখিবলৈ দৈনিক পৰ্যাপ্ত পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়।শক্তিয়ে কাম কৰাৰ বাবে সহায় কৰে। ইয়াৰ অভাৱত আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। শৰীৰৰ ষ্টেমিনা হ্ৰাস পোৱাৰ ফলত আপোনাৰ বাবে আনকি দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজবোৰো সম্পন্ন কৰাত অসুবিধা হ’ব পাৰে। আপুনিও এনে সমস্যাৰ বলি হৈছে নেকি? এনে অৱস্থাত নিয়মিতভাৱে যোগাসনৰ অভ্যাস গঢ়ি দেহটো সুস্থ আৰু ফিট কৰি ৰাখিব পাৰি।

যোগাসন কেৱল শৰীৰ আৰু মনক সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয় বুলি গণ্য কৰা নহয়, ইয়াৰ অভ্যাস গঢ়ি তুলিলে আপুনি শাৰীৰিক ক্ষমতা আৰু ষ্টেমিনাও বৃদ্ধি কৰিব পাৰে। যোগাভ্যাসে আপোনাৰ সামগ্ৰিক শাৰীৰিক আৰু মানসিক চেতনা উন্নত কৰাৰ লগতে আপোনাৰ জীৱনৰ মানদণ্ড উন্নত কৰাত ফলপ্ৰসূ বুলি জনা যায়। কোনবোৰ যোগাসনৰ অভ্যাস কৰি আপুনি শৰীৰৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে? সকলোৱে নিশ্চয়কৈ এই ব্যায়ামটো কৰা উচিত।

উষ্ট্ৰাসন


উষ্ট্ৰাসন কৰিলে শৰীৰৰ ষ্টেমিনা বৃদ্ধি পায়। ইয়াক উটৰ ভংগীমা বুলিও কোৱা হয়। ইয়াৰ বাবে আঁঠুত বহি পিছলৈ বেঁকা কৰি থাকোঁতে শৰীৰটো টানি হাতেৰে গোৰোহাত স্পৰ্শ কৰিব লাগিব। ১৫ৰ পৰা ২০ ছেকেণ্ডলৈকে এই ভংগীমাত থাকিব লাগে।

সেতুবন্ধাসন


সেতুবন্ধাসন কৰাটো শৰীৰৰ বাবে অতি উপকাৰী। এনে কৰিলে শৰীৰে পৰ্যাপ্ত শক্তি লাভ কৰে। এই আসনৰ নিয়মীয়া অভ্যাস কৰিলেও হজম শক্তিৰ দুৰ্বল অৱস্থা ভাল হয়। ইয়াক কৰাটো বেছি কঠিন নহয় আৰু যিকোনো ব্যক্তিয়েই কৰিব পাৰে।

নৌকাসন


ষ্টেমিনা বৃদ্ধিৰ বাবে কৰা আসনৰ শ্ৰেণীতো নৌকাসন আহে। এই আসন কৰিলে এজন ব্যক্তিয়ে কেৱল ষ্টেমিনা বৃদ্ধি কৰাই নহয়, তেওঁৰ ওজনো কমাব পাৰে। নিজৰ সামৰ্থ্য অনুসৰি অনুশীলন কৰক কাৰণ ইয়াক কৰি থাকোঁতে পেটত ষ্ট্ৰেইন হয়।

বি:দ্ৰ: যোগ গুৰুৰ পৰামৰ্শৰ ভিত্তিত এই লেখা প্ৰস্তুত কৰা হৈছে। আসনৰ সঠিক অৱস্থানৰ বিষয়ে জানিবলৈ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব পাৰে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.