কাশ্মীৰৰ চন্দ্রভাগা নদীৰ ওপৰত নিৰ্মাণ বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং ! শীঘ্ৰেই সম্পূৰ্ণ হ’ব কাম

world's highest rail bridge on Jammu and Kashmir's Chenab river is almost done

worlds-highest-rail-bridge-on-jammu-and-kashmirs-chenab-river-is-almost-done


ৰে’ল মন্ত্র্যালয়ৰ মতে, চন্দ্রভাগা নদীৰ ওপৰত এই ৰে’ল দলংখন নির্মাণ কৰিলে কাশ্মীৰত ৰে’ল সেৱাত ব্যাঘাত জন্মিব নোৱাৰে ৷



জম্মু-কাশ্মীৰৰ চন্দ্ৰভাগা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বিশ্বৰ আটাইতকৈ ওখ ৰেল দলং। বৃহস্পতিবাৰে ৰে’ল মন্ত্ৰণালয়ে জনোৱা মতে, দলংখনৰ নিৰ্মাণৰ কাম ৮৮ শতাংশ সম্পূৰ্ণ হৈছে।

মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি চন্দ্ৰভাগৰ ওপৰত দলং নিৰ্মাণৰ পিছত কাশ্মীৰত ৰে’ল যাতায়ত আৰু ব্যাহত নহ’ব। গোটেই বছৰটো চলি থাকিব ৰে’ল যাতায়ত। লগতে জনোৱা হৈছে যে দলংখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পূৰ্ণ হ’ব।



বেয়া বতৰৰ বাবে বিভিন্ন সময়ত ব্যাহত হৈ পৰিছে কাশ্মীৰত ৰে’ল যাতায়ত। দলংখন নিৰ্মাণ হ’লে যিকোনো বতৰতে কাশ্মীৰে বাহিৰৰ ৰাজ্যৰ সৈতে যোগাযোগ কৰিব পাৰিব।

ৰে’লৱেৰ সূত্ৰ অনুসৰি ৰে’লৱেৰ চপ্পল পাতৰ কাম সম্পূৰ্ণ হোৱাৰ ওচৰ চাপিছে। উত্তৰ ৰে’লৱেৰ উধামপুৰ-শ্ৰীনগৰ-বাৰমুলা সংযোগ প্ৰকল্পৰ অংশ হিচাপে বিশ্বৰ আটাইতকৈ ওখ দলংখন। ইয়াৰ উপৰিও ৰে’ল দলং নিৰ্মাণৰ বাবে আনুমানিক ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে বুলিও খবৰ আহিছে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.