Gujarat news : this girl from Gujarat will marry herself will go on honeymoon alone
মানুহে নিজৰ বিয়াখন স্মৰণীয় কৰি তুলিবলৈ বহুতো অনন্য আইডিয়া লৈ আহে । কিন্তু এতিয়া চৰ্চালৈ আহিছে এটা অনন্য ঘটনা। আগন্তুক ১১ জুনত গুজৰাটৰ বদোদৰাত হ'বলৈ গৈ আছে এখন আচৰিত বিয়া । য'ত থাকিব বিবাহৰ মণ্ডপ, থাকিব বৰযাত্ৰী, হব হোম যজ্ঞ, কইনাও থাকিব, কিন্তু নাথাকিব কেৱল দৰা । আপুনি আচৰিত নহব, এইয়াই সত্য ।
দৰাচলতে বদোদৰাৰ বাসিন্দা ২৪ বছৰীয়া ক্ষমা বিন্দুৱে নিজে নিজক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছে। আন ছোৱালীৰ দৰে কইনা হোৱাৰ হেপাহ তাইৰ আছে কিন্তু তাই নিজৰ প্ৰেমত পাগল । সেয়ে তাই নিজেই নিজক বিয়া কৰিবলৈ লৈছে। এই বিবাহতো থাকিব সেন্দুৰ দিয়া কাৰ্য্য , বিন্দুৱে নিজৰ বাবে নিজে লিখা ৫ টা ব্ৰত লৈ বিবাহ পাশত আৱদ্ধ হব। কেৱল এয়াই নহয়, বিয়াৰ পিছত তাইও গোৱালৈ যাব হানিমুনৰ বাবে।আচৰিত কথাটো হ’ল যে বিন্দুৰ পিতৃ-মাতৃয়েও এই তাইৰ এই পদক্ষেপত সন্মতি দিছে।
অৱশ্যে কওঁ যে এই ধৰণৰ বিবাহক একক বিবাহ বুলি কোৱা হয়। ভাৰতত এনেধৰণৰ এইটো প্ৰথমটো গোচৰ, কিন্তু এনে বিবাহ পৃথিৱীত ইয়াৰ আগতেও হৈছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াত পেট্ৰিচিয়া ক্ৰীষ্টিন নামৰ এগৰাকী ছোৱালীয়ে নিজেই নিজক বিয়া কৰাইছিল। একে সময়তে ব্ৰাজিলৰ মডেল ক্ৰীছ গেলেৰাইও নিজকে বিয়া কৰাই বহু শিৰোনাম দখল কৰিছে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati