the worlds oldest man
বহু ইতিহাসৰ আটাইতকৈ বয়সস্থ পুৰুষ সাক্ষীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে। ভেনিজুৱেলাৰ জুয়ান ভিচেণ্ট পেৰেজ(Juan Vicente Perez) নামৰ ভদ্ৰলোকজনৰ বৰ্তমান বয়স ১১২ বছৰ ১১ মাহ ২৬ দিন। আৰু মাত্ৰ ৫ দিনৰ পিছত তেওঁ ১১৩ সংখ্যক জন্মদিন উদযাপন কৰিব।
গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড(Guinness Book of World Record)ৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে বিশ্বৰ আটাইতকৈ বয়সস্থ পুৰুষ-মহিলাগৰাকীক স্বীকৃতি দিয়া। এই শ্ৰেণীত জুয়ানক বিশ্বৰ আটাইতকৈ বয়সস্থ জীৱিত ব্যক্তি হিচাপে তালিকাভুক্ত কৰা হৈছে।
১৯০৯ চনৰ ২৬ মে’ত ভেনিজুৱেলাৰ টাচিৰাৰ এল ক’ব্ৰেত জন্মগ্ৰহণ কৰিছিল জুয়ান ভিচেণ্ট পেৰেজৰ। ইউটিকো ডেল ৰ’জাৰিয়া পেৰেজ মোৰা আৰু এডেলমিৰা মোৰাৰ দহটা সন্তানৰ ভিতৰত জোয়ান নৱম সন্তান।
কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁ মাত্ৰ পাঁচ বছৰ বয়সতে দেউতাক আৰু ককায়েকৰ সৈতে চুপাৰি আৰু কফিৰ খেতি আৰম্ভ কৰিছিল। এডিঅ’ফিনা ডেল ৰ’জাৰিয়া গাৰ্চিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহপাশত আবদ্ধ হৈ আছে ছয়জন পুত্ৰ আৰু পাঁচগৰাকী কন্যা। ইফালে ১৯৪৭ চনত তেওঁ মাটিক লৈ হোৱা পাৰিবাৰিক বিবাদৰ অন্ত পেলাবলৈ সক্ষম হয়।
বৰ্তমান ১১ টা সন্তানৰ ঘৰত ৪১ গৰাকী নাতি-নাতিনী আছে। এই দীৰ্ঘজীৱনত তেওঁ টেলিভিছন আৰু ইণ্টাৰনেটৰ দৰে বহুতো উল্লেখযোগ্য আৱিষ্কাৰ দেখিছে।
তাৰ আগতে মিষ্টাৰ চেটাৰ্নিনো দে লা ফুয়েণ্টে গাৰ্চিয়া আছিল পৃথিৱীৰ আটাইতকৈ বয়সস্থ ব্যক্তি। চলিত বৰ্ষৰ ১৬ জানুৱাৰীত ১১২ বছৰ ৩৪১ দিন বয়সত মিষ্টাৰ চেটাৰ্নিনোৱে অচিন দেশলৈ প্ৰব্ৰজন কৰে।
কিন্তু জুয়ানে যেন আমাৰ মাজত চেটাৰ্নিনোতকৈ বেছি দিন জীয়াই থাকিব পাৰে - এতিয়া পৃথিৱীয়ে সেইটোৱেই আশা কৰিছে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati