ঘৰতে বহি কেনেকৈ উপাৰ্জন কৰিব Google Payৰ পৰা ? Google Pay ব্যৱ্হাৰ কৰে নেকি ?

google pay how to earn money from home mobile recharge

google pay how to earn money from home mobile recharge

প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মানুহৰ জীৱিকাৰ পৰিৱৰ্তন ঘটিছে। আজিকালি ঘৰত বহি লাখ লাখ টকা উপাৰ্জন কৰা সম্ভৱ। বহুতে অনলাইনত টকা উপাৰ্জনৰ বিভিন্ন উপায় জানে। কিন্তু ঘৰতে মোবাইল ৰিচাৰ্জ কৰি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰাটো সম্ভৱ বুলি জানেনে? ঘৰৰ পৰাই টকা উপাৰ্জন কৰাৰ এক সুন্দৰ উপায় উলিয়াইছে গুগল পেই(Google Pay)। কিন্তু ৰিচাৰ্জ কৰি উপাৰ্জন কৰিবলৈ হ’লে দুই এটা কথাত গুৰুত্ব দিব লাগিব। ৰিচাৰ্জ কৰি উপাৰ্জন কৰিবলৈ কি কৰিব? এবাৰ চাওকচোন।

গুগল পে(Google Pay)ৰ পৰা টকা উপাৰ্জন কৰিবলৈ প্ৰথমে গুগল পে ব্যৱসায়(Google Pay Business)ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি সেইটো বুজিব লাগিব। যোৱা কেইবছৰমানৰ পৰা ভাৰতত ইউ পি আই(UPI)ৰ লেনদেনৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে। কোম্পানীসমূহে প্ৰতিটো লেনদেনৰ বাবে কিছু কমিচন লাভ কৰে। এই কাৰণেই আপোনাক এই সেৱা বিনামূলীয়াকৈ দিয়া সম্ভৱ।

ৰিচাৰ্জ কৰি কেনেকৈ উপাৰ্জন কৰিব?

গুগল পে(Google Pay)ৰ পৰা ৰিচাৰ্জ কৰাৰ সময়ত কোম্পানীটোৱে নেটৱৰ্ক কোম্পানীটোৰ পৰা কমিছন লাভ কৰে। ধৰি লওক আপুনি Google Pay ৰ পৰা এটা Jio নম্বৰ ৰিচাৰ্জ কৰিলে। সেই ক্ষেত্ৰত গুগল পেই(Google Pay) জিঅ’ৰ পৰা এটা নিৰ্দিষ্ট কমিছন লাভ কৰে। এই সুযোগ ব্যৱহাৰ কৰি দোকানী সকলক ৰিচাৰ্জৰ সুবিধা প্ৰদান আৰম্ভ কৰিছে গুগল পেই(Google Pay)। যদি কোনো দোকানীয়ে Google Pay ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰে তেন্তে কমিছনৰ কিছু অংশ আপুনি পাব।

ভাৰতত UPI লেনদেনৰ অন্যতম জনপ্ৰিয় নাম গুগল পে(Google Pay)। সমীক্ষাটোত দেখা গৈছে যে ইউ পি আই(UPI)ৰ সকলো লেনদেনৰ ৪০ শতাংশই গুগল পে(Google Pay)ৰ পৰা আহে। গুগল পেই(Google Pay) আচলতে দালালৰ দৰে কাম কৰে। দালালে কমিছনৰ জৰিয়তে যিদৰে উপাৰ্জন কৰে, গুগল পেয়ে(Google Pay)ও কমিছনৰ জৰিয়তে উপাৰ্জন কৰে। গুগল পে বিজনেছ(Google Pay Business) এপটো ইনষ্টল কৰিও এই কমিছনৰ কিছু অংশ পকেটত ল’ব পাৰে।

সম্পূৰ্ণ বিনামূলীয়া Google Pay Business app যিকোনো Android ফোনত ডাউনলোড কৰিব পাৰিব। গুগল প্লে ষ্ট’ৰ(Google PLay Store)ত এই এপটোৰ ৰেটিং হৈছে ৪.৫ ষ্টাৰ।

কিন্তু ইউ পি আই(UPI) লেনদেনৰ জৰিয়তে গুগল পেৰ পৰা মোবাইল ৰিচাৰ্জৰ উপৰিও একাউণ্টলৈ মানি ট্ৰেন্সফাৰ, বিল পেমেণ্টকে ধৰি আন বহুতো ধৰণৰ পেমেণ্ট কৰাটো সম্ভৱ। আনকি এই পেমেণ্ট এপটোৰ পৰা সোণ কিনাৰ সুবিধাও আছে। গুগল পেৰ পৰা সহজে ক্ৰয় কৰিব পাৰিব ডিজিটেল সোণ। গুগল পেৰ ৱেবছাইটত কোৱা হৈছে যে যেতিয়া কোনো ব্যক্তিয়ে গুগল পে ব্যৱহাৰ কৰি সোণ ক্ৰয় বা বিক্ৰী কৰিব তেতিয়া MMTC-PAMP য়ে ৯৯.৯৯ শতাংশ বিশুদ্ধ ২৪K সোণ পাব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.