এজোপা আমৰ পহৰাত নিয়োজিত আছে ৪ গৰাকী চকীদাৰ আৰু ৬ টা কুকুৰ

the price of mango is 2.7 lakh per kg

The price of mango is 2.7 lakh per kg

জাপানৰ পৰা অহা মিয়াজাকি আম বিশ্বৰ অন্যতম দামী আমৰ প্ৰজাতি। আৰু মধ্যপ্ৰদেশৰ এহাল দম্পতীয়ে সেই আম ভাৰতীয় মাটিত খেতি কৰিছে। কিন্তু আম খেতি কৰিলেই নহ’ব, ইয়াৰ ব্যৱস্থা কৰিব লাগিব যাতে বহুমূলীয়া আমবোৰ চুৰি নহয়। আম চুৰি ৰোধ কৰিবলৈ দম্পতীহালে ৪ জন চকীদাৰ নিয়োগ কৰিছে। ৬ টা কুকুৰকো পহৰা দিয়াৰ বাবে ৰখা হৈছে। সংকল্প পৰিহাৰ আৰু ৰাণী পৰিহাৰৰ নামত দুবছৰমান আগতে দম্পতীহালে এই আমজোপা ৰোপণ কৰিছিল। কিন্তু তেতিয়াও তেওঁলোকে এই আমৰ মহানতা নাজানিছিল। পিছলৈ তেওঁলোকে নেটৰ জৰিয়তে জানিব পাৰিলে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই আমৰ দাম প্ৰতি কেজিত প্ৰায় ২ লাখ ৬০ হাজাৰ টকা। 

দম্পতীহালে লগতে দাবী কৰে যে শেহতীয়াকৈ মুম্বাইৰ এজন ব্যক্তিয়ে প্ৰতি কেজিত ২১ হাজাৰ টকা দিব বিচাৰিছিল। দাম গম পোৱাৰ লগে লগে চোৰে আক্ৰমণ চলায়। ইয়াৰ পিছতে এই বহুমূলীয়া আমটো যাতে চুৰি নহয় তাৰ বাবে মানুহ ৰখাৰ সিদ্ধান্ত লোৱা বুলি দাবী কৰে দম্পতীহালে।

বিশেষজ্ঞসকলে জনোৱা মতে, জাপানৰ মিয়াজাকি চহৰত এই আমৰ উৎপত্তি হৈছিল। তাত এই আমটোক সূৰ্য্যৰ কণী বুলিও কোৱা হয়। এটা আমৰ ওজন গড়ে ৩৫০ গ্ৰাম। এন্টি অক্সিডেন্ট, বিটা কেৰটিন আৰু ফলিক এচিডেৰে সমৃদ্ধ এই আমবোৰ এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত চপোৱা হয়।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.