afghan refugee portrait viral online users call him amitabh bachchan
এজন আফগান শৰণাৰ্থী(refugee)ৰ কেইবাবছৰ পুৰণি ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ফটোখন বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ ষ্টিভ মেককাৰিয়ে তেওঁৰ ছ’চিয়েল মিডিয়াৰ একাউণ্ট ত শ্বেয়াৰ কৰিছে। ফটোখন ওলাই অহাৰ লগে লগে ইণ্টাৰনেটত হুলস্থুল পৰিবেশৰ আৰম্ভ হৈ পৰিছে কাৰণ একাংশই এই ছবিখনত দেখা ব্যক্তিজনক বলীউডৰ অভিনেতা অমিতাভ বচ্চন বুলি দাবী কৰিছে।
আফগান শৰণাৰ্থীৰ এই ছবিখন ইমানেই ধুনীয়া যে ইয়াক দেখি আপুনি চকু আঁতৰাই নিব নোৱাৰিব। ফটোখনত দেখা মানুহজনে মূৰত এনেদৰে পাগুৰি বান্ধিছে যে এটা চকু লুকুৱাই আছে। মানুহজনে এখন ডাঠ ক’লা ফ্ৰেমৰ চশমা পিন্ধিছে ।মুখৰ ৰুক্ষতা আৰু বগা দাড়িয়ে মানুহজনৰ ফটোখন ধুনীয়া কুৰি তুলিছে।
কেইবছৰমান আগতে ২০১৮ চনত একেখন ছবিয়েই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সেই সময়ত এই ফটোখন দেখি মানুহে দাবী কৰিছিল যে এই ছবিখন অমিতাভ বচ্চনৰ চিনেমা ‘থাগছ অৱ হিন্দোস্তান’ৰ হব বুলি । কিন্তু এতিয়া আকৌ এবাৰ এই ফটোখন বহু চৰ্চিত হৈছে।
ফটোখনত দেখা মানুহজন দেখাত অমিতাভ বচ্চনৰ লগত বহুত মিল আছে। এই কাৰণতে এই ফটোখনে পুনৰ ইণ্টাৰনেটত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়ালৈকে ভাইৰেল ফটোখনত ৭০ হাজাৰৰো অধিক লাইক আহিছে। কিছুমানে কয় যে ফটোখনত থকা বক্তি জন অমিতাভ বচ্চন। একাংশই কয় যে অমিতাভ বচ্চনৰ পৰৱৰ্তী চিনেমাৰ ছবি বুলি । এজন বাক্তিযে কমেণ্ট কৰিছে যে, তেওঁ দেখাত অমিতাভ বচ্চনৰ দৰে। আন এজন বাক্তিয়ে লিখিছে - প্ৰথমবাৰৰ বাবে দেখি, তেওঁক অমিতাভ বচ্চন দৰে লাগিছে।
এই কথা প্ৰকাশ পাইছে যে যিজন বাক্তি ফটোত দেখা গৈছে তেওঁ অমিতাভ বচ্চন নহয়। এই ফটোখন অমিতাভৰ কোনো পৰৱৰ্তী চিনেমাৰ ছবি নহয় বা ‘থাগছ অৱ হিন্দোস্তান’ চিনেমাখনৰ নহয়। ফটোখনৰ কেপচনত ফটোগ্ৰাফাৰজনে কৈছে যে এইজন আফগান শৰণাৰ্থী, যিজন পাকিস্তানত বাস কৰে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati