start business with 300 indian rupee now own 1 thousand crore company
কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িলে তেওঁক উন্নতি হোৱাৰ পৰা কোনো বাধা দিব । আজি এই প্ৰতিবেদনত আমি এনেকুৱা এগৰাকী মহিলাৰ বিষয়ে পঢ়িম যিয়ে শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু আজি তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত কোম্পানীয়ে দেশৰ হাজাৰ হাজাৰ লোকৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। আৰু সেই মহিলা গৰাকী হৈছে ৰজনী বেক্টেৰ ।গতিকে এতিয়া ৰজনী বেক্টেৰৰ বিষয়ে কিছু অজ্ঞাত তথ্য জানো আহক।
ৰজনী বেক্টেৰই পাকিস্তানৰ কৰাচীত জন্মগ্ৰহণ কৰিছিল। ৰজনীৰ দেউতাক এজন চৰকাৰী চাকৰিয়াল আছিল। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত ৰজনীৰ সমগ্ৰ পৰিয়ালে কৰাচী এৰি দিল্লীলৈ গুচি আহিব লগা হয়। দিল্লীলৈ অহাৰ পিছত ১৭বছৰ বয়সতে লুধিয়ানাৰ এটা ব্যৱসায়িক পৰিয়ালত ৰজনীয়ে বিবাহপাশত আবদ্ধ হয়। ৰজনী য়ে বিয়াৰ পিছতে স্নাতক ডিগ্ৰী লাভ কৰে। তাইৰ শৈশৱৰ পৰাই ৰন্ধা-বঢ়াৰ প্ৰতি খুব আগ্ৰহী আছিল। সেইহে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পাঞ্জাবৰ কৃষি বিশ্ববিদ্যালয়লৈ বেকিং কোৰ্চ এটা কৰিবলৈ নাম ভৰ্তি কৰে ।
তেওঁ ৰন্ধা-বঢ়াত ইমানেই আকৰ্ষিত আছিল যে যেতিয়া তেওঁলোকৰ ঘৰলৈ কোনোবা আলহী আহিছিল তেতিয়া তেওঁ নিজ হাতেৰে ৰান্ধি খুৱাইছিল। সকলোৰে প্ৰশংসাৰ লগে লগে তেওঁৰ আত্মবিশ্বাসো দিনক দিনে বাঢ়িছিল। তাৰ পিছত তেওঁ আত্মবিশ্বাস আৰু প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰি মাত্ৰ ৩০০ টকা বিনিয়োগ কৰি ১৯৭০ চনত দীপাৱলীৰ সময়ত এখন খাদ্যৰ দোকান আৰম্ভ কৰে। কেৱল সেয়াই নহয়, তেওঁ লাহে লাহে ওচৰৰ মেলাবোৰতো নিজাকৈ খাদ্যৰ দোকান দিবলৈ আৰম্ভ কৰিলে।
তাৰ পিছত ১৯৭৮ চনত লুধিয়ানাৰ জি টি ৰোডত থকা পুৰণি পূৰ্বপুৰুষৰ মাটিত ২০ হাজাৰ টকা বিনিয়োগ কৰি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ফুডিং আৰু আইচক্ৰীম বনোৱা ইউনিটৰ স্থাপন কৰে। তেতিয়াৰ পৰা তাই আৰু কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। তাৰ পৰা ৰজনীয়ে ফুডছ প্ৰাইভেট লিমিটেড কোম্পানীৰ মালিক হয়। বৰ্তমান সময়ত ৰজনী ফুড ফেক্টৰী হৈ পৰিছে সৰ্ববৃহৎ খাদ্য যোগান কোম্পানী। ৰজনী বেক্টৰৰ কোম্পানী ‘ক্ৰেমিকা(Cremica)’ বৰ্তমান সমগ্ৰ উত্তৰ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ বিস্কুট ব্ৰেণ্ড, আৰু আজি তেওঁৰ কোম্পানীয়ে দেশৰ সীমা অতিক্ৰম কৰি বিদেশী ভূমিত উপনীত হৈছে।
এয়া শেষ নহয়, ২০২১ চনত তেখেতক আমাৰ দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। আপোনালোকক কওঁ যে এই মুহূৰ্তত তেওঁৰ কোম্পানীটোৰ বাৰ্ষিক লেনদেন ৬০০ কোটিৰো অধিক। ৰজনীৰ মতে, দেশৰ প্ৰতিগৰাকী মহিলাই নিজৰ দক্ষতা বৃদ্ধি কৰাটো প্ৰয়োজন। সকলো ক্ষেত্ৰতে নাৰী আগবাঢ়িব লাগিব। ৰজনী বেক্টেৰৰ কাহিনী সঁচাকৈ প্ৰতিজন মানুহৰ বাবে অনুপ্ৰেৰণাদায়ক।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati