fathers day special man who fathered 160 children has no one to celebrate
জ'(JOE) নামৰ এজন ইংলেণ্ডৰ বক্তিয়ে ১৫০ ৰো অধিক মহিলাক মাতৃত্বৰ সোৱাদ দিছে । কিন্তু পিতৃ দিৱসত জ' (joe)সৈতে লগ কৰিবলৈ কোনো নাই।
ইংলেণ্ডৰ বাসিন্দা জ’ই মাতৃ হ’ব নোৱাৰা মহিলাসকলক মাতৃ হোৱাত সহায় কৰিছে । তেওঁ ডেৰশৰো অধিক মহিলাক মাতৃত্বৰ সোৱাদ দিছে। ১৬০টা সন্তানৰ পিতৃ, কিন্তু পিতৃ দিৱসৰ দিনা ৫১ বছৰীয়া জ' ক কোনেও লগ কৰিব নিবিচাৰে।
আইভিএফ(IVF), শুক্ৰাণু দানৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ শাৰীৰিক সম্পৰ্কলৈকে জ'ৱে নাৰীৰ মাতৃত্বৰ আকাংক্ষা একাধিক উপায়েৰে পূৰণ কৰে। জ' ৰ সৈতে যোগাযোগ নেটৰ জৰিয়তে কৰা হয়। জ’ই দাবী কৰে যে এতিয়ালৈকে কমেও ২০০ গৰাকী মহিলাই মাতৃ হবলৈ তেওঁৰ সহায় বিচাৰিছে। যদিও জ' (JOE)ইংলেণ্ডৰ বাসিন্দা তথাপিও তেওঁ আমেৰিকা, আৰ্জেণ্টিনা, ইটালী, ছিংগাপুৰ, ফিলিপাইন আদি বিভিন্ন দেশত মাতৃ হব নোৱাৰা মহিলা বোৰক মাতৃ হোৱাত সহায় কৰা দেখা গৈছে ।
যদিও সমগ্ৰ বিশ্বতে তেওঁৰ ১৬০ টা সন্তান আছে, তথাপিও পিতৃ দিৱসৰ দিনা তেওঁ অকলে সময় কটাবলগীয়া হৈছে। জ’ই স্থানীয় এটা সংবাদ সংস্থাক জনোৱা মতে, বেছিভাগ ক্ষেত্ৰতে তেওঁৰ পৰিচয় শিশুটিৰ পৰা গোপন কৰি ৰখা হৈছিল। গতিকে ল’ৰা-ছোৱালীবোৰৰ লগত কথা পাতিবলৈ তেওঁৰ কোনো সুযোগ নাপাই । কিছুমান ল’ৰা-ছোৱালীয়ে ফোন কৰে যদিও লগ নকৰে। জ’ই আশা কৰিছিল যে পিতৃ দিৱসত কমেও ১০ৰ পৰা ১২ জন লোকে তেওঁক পিতৃ দিৱসৰ আহ্বান জনাব বুলি ।লগতে তেওঁক লগ কৰিব কোনো নাই বুলিও কয়।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati
