KLO ৰ অসম বন্ধৰ ভাবুকি।
SUJAY BARMAN
GOLAKGANJ : নাৰাবাৰী কাণ্ডৰ লগত অসম আৰক্ষী জড়িত সজোৱা পাঁচ গৰাকীক বিনাচৰ্তে মুকলিৰ দাবীত অসম বন্ধৰ ভাবুকি কেএলঅৰ।
কোকৰাঝাৰ জিলাৰ শেৰফাংগুৰী থানাৰ নাৰাবাৰী গাঁৱত ৪ জুনত হৈছিল গুলী চালনাৰ ঘটনা। ঘটনাটো কমতাপুৰ লিবাৰেচন অৰ্গানাইজেচন চমুকৈ কেএলঅৰ নিৰ্দেশত এগৰাকী মডেলকে ধৰি পাঁচ জন জড়িতৰ অভিযোগত অসম আৰক্ষী গ্ৰেপ্তাৰ কৰে। যোৱা আঠ জুনত কেএলঅই প্ৰেছ বিবৃতি যোগে জানিব দিয়ে যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচ জনৰ কোনেও উক্ত ঘটনাত জড়িত নাই। আৰক্ষীয়ে ভূৱা তদন্তৰ নামত সিহঁতক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ব্যৰ্থতা ঢকাৰ বাবে এনে কাৰ্য কৰা বুলি কেএলঅ অভিযোগ আনি মডেল মডেল নবনিতা বৰ্মনকে ধৰি আটাইকেইজনক এৰি দিবলৈ দাবী জনায়। কিন্তু আৰক্ষীয়ে এৰি নিদিয়াত আজি পুনৰ কেএলঅৰ সহকাৰী প্ৰচাৰ সম্পাদক দাওসাৰ লাংখাম কোচ পুনৰ এখন প্ৰেছ বিবৃতি প্ৰেৰণ কৰে। বিবৃতিত উল্লেখ কৰে ৪৮ ঘণ্টাৰ ভিতৰত মডেল নবনিতাকে ধৰি আটাইকেইজনক গোচৰ বিহীন ভাবে এৰি দিব লাগে অন্যথা অনিৰ্দিষ্ট কাললৈ অসম বন্ধৰ ভাবুকি দিয়ে। ইয়াৰ বাবে অসম আৰক্ষী জগৰীয়া হ'ব বুলিও উল্লেখ কৰে।