ড্ৰাগ্‌চৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাৰাথন সজাগতামূলক পদক্ষেপ

 

STUDENTS OF DIBRUGARH UNIVERSITY BRING BACK CONVERSATION AROUND DRUG REHABILITATION AWARENESS WITH A 45-DAY CAMPAIGN

ড্ৰাগ্‌চৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাৰাথন সজাগতামূলক পদক্ষেপ 

ডিব্ৰুগড় ১০ জুন , ২০২২ : সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ মাজত থকা ড্ৰাগ্‌চ আসক্তিৰ বিৰুদ্ধে তথা ড্ৰাগ্‌চৰ ভয়াৱহতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা যোৱা ফেব্ৰুৱাৰী মাহত চাৰিদিনীয়া এক সজাগতামূলক অভিযানৰ আয়োজন কৰা হৈছিল। এই কাৰ্যসূচীৰ পাছতেই পুনৰ ১৫ মে'ৰ পৰা ২৯ জুনলৈ ৪৫ দিনীয়া কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ত আন এক অভিযান অব্যাহত ৰাখিছে। তেওঁলোকে কাৰ্যসূচী হিচাপে সামাজিক মাধ্যমৰ জৰিয়তে সজাগতা বৃদ্ধি, চাহ বাগিচাত সজাগতামূলক ভিডিঅ', চিনেমাৰ প্ৰদৰ্শন, ৰাজহুৱা স্থানত পৰীক্ষামূলক কাৰ্যসূচী ইত্যাদিৰ অন্তৰ্ভুক্ত কৰিছে।

STUDENTS OF DIBRUGARH UNIVERSITY BRING BACK CONVERSATION AROUND DRUG REHABILITATION AWARENESS WITH A 45-DAY CAMPAIGN


     #HopesUpDrugsDown নামৰ এই অভিযানৰ এক অন্যতম কাৰ্যসূচী হিচাপে যোৱা ০৮/০৬/২০২২ আৰু ০৯/০৬/২০২২ তাৰিখে ডিব্ৰুগড় ছটা স্থানক্ৰমে নিউ মাৰ্কেট, কে চি গগৈ পথ ,নালিয়াপুল , মাৰোৱাৰী পট্টি , ডি টি পি ডাইক আৰু ডি ইউ হাটত ড্ৰাগ্‌চ সেৱনৰ ক্ষেত্ৰত জনসাধাৰণক বিভিন্ন প্ৰশ্নৰ জৰিয়তে তেওঁলোকৰ মতামত গ্ৰহন কৰা হয়। উক্ত কেউটা স্থানত উপস্থিত ৰাইজৰ পৰা শিক্ষাৰ্থীৰ দলটোৱে যথেষ্ট সহাঁ‌ৰিও লাভ কৰে।

শিক্ষাৰ্থীসকলৰ দ্বাৰা ৰাজহুৱা স্থানত আয়োজন কৰা পৰীক্ষামূলক পদক্ষেপসমূহৰ প্ৰতি উপস্থিত জনসাধাৰণৰ পৰা কিছু অনাকাংক্ষিত আৰু সংমিশ্ৰিত সহাঁ‌ৰি পোৱা গল। সামাজিক পৰীক্ষাসমূহৰ পৰা কিছু গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহে যেনে, ড্ৰাগ্‌চ আসক্ত ব্যক্তিৰ পুনৰ্বাসনৰ বিষয়ে বহুতৰে সচেতনতা প্ৰায় শূণ্য ; কোনো কোনোৱে আকৌ পুনৰ্বাসনৰ বিষয়টোক খুৱেই গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বিষয় বুলিও উল্লেখ কৰে। এনেদৰেই ছাত্ৰ ছাত্ৰীসকলে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ পৰা ভিন্ন প্ৰতিক্ৰিয়া লাভ কৰে আৰু তাৰেই কিছু দৃশ্যাংশ সামাজিক মাধ্যমৰ মাজেৰে প্ৰকাশ কৰাৰ বাবেও তেওঁলোকে সিদ্ধান্ত গ্ৰহন কৰে। সজাগতামূলক অভিযানৰ এই দলটোৱে অহা দেওবাৰে ড্ৰিব্ৰুগড়ৰ শিয়ালকোট চাহ বাগিচাত কেতবোৰ সচেতনতা বৰ্দ্ধক ভিডিঅ’ আৰু চিনেমা প্ৰদৰ্শনৰ বাবেও যো-জা চলাইছে। পিছপৰা অঞ্চলত এনে দৃশ্য-শ্ৰব্য মাধ্যম সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত অধিক সহায়ক হব বুলি তেওঁলোকে মত পোষণ কৰিছে।



    উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ 'জনসম্পৰ্ক' ( public relation ) বিষয়ৰ ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ প্ৰকল্পৰ বিষয় হিচাপে এই অভিযান অব্যাহত ৰাখিছে।

    এই মাহজোৰা প্ৰকল্পমূলক সজাগতা অভিযানে ডিব্ৰুগড় চহৰত ড্ৰাগ্‌চৰ বৰ্ধিত ভয়াবহতাৰ কথা ৰাইজক কিছু পৰিমাণে হলেও জ্ঞাত কৰিছে বুলি শিক্ষাৰ্থীসকলে মত পোষণ কৰে। লগতে এনে পদক্ষেপে ড্ৰাগ্‌চ সেৱনৰ ভয়াবহতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে আসক্ত ব্যক্তিৰ পুনৰ্বাসনৰ ক্ষেত্ৰতো সচেতনতা আনি ড্ৰাগ্‌চমুক্ত এখন সুস্থ-সবল সমাজ গঢ়িব পাৰিব বুলি তেওঁলোকে বিশ্বাস কৰে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.