সহজ ঘৰুৱা উপায়েৰে পৰিত্ৰাণ পাওঁক শালমইনাৰ পৰা, কেনেকৈ কৰিব উপয়োগ ?

how to remove pimples in summer these 5 home remedies can do wonders

how to remove pimples in summer these 5 home remedies can do wonders

গৰমৰ দিনত গালত ব্ৰণ(Pimple)ৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ পিছত বৰষুণ দিলে বিভিন্ন ধৰণৰ বীজাণু বাঢ়ি যায়। মুঠতে গালত ব্ৰণ(Pimple)ৰ পৰিমাণ বাঢ়ি যায়।

কিন্তু এই ব্ৰণ(Pimple)ৰ পৰা মুক্তি পোৱাৰ উপায় কি? নাই, ইয়াৰ বাবে কোন ঔষধৰ প্ৰয়োজন নাই। বা এইটো ঠিক হবলৈ বহু দিন নালাগিবও পাৰে। মাত্ৰ এদিনতে দূৰ হ’ব পাৰে এই ব্ৰণ(Pimple)ৰ সমস্যা। আনকি ঘৰুৱাভাৱেই আপুনি দূৰ কৰিব পাৰিব এই সমস্যা। এই সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক।

১. এলোভেৰাঃ এই গছৰ পাতৰ ৰস মুখত লগালে ব্ৰণ(Pimple) কমি যায়। ৰাতিপুৱা এদিন ব্যৱহাৰ কৰিলে পিছদিনা ব্ৰণ(Pimple) কমিব পাৰে। এই জেলৰ লগত অলপ মৌ মিহলাই দিলে ভাল ফল পোৱা যায়।

২. হালধী গুড়িঃ ই এক ডাঙৰ কাম কৰিব পাৰে। হালধীৰ লগত অলপ মৌ মিহলাই ব্ৰণ(Pimple)ৰ অংশত লগাব লাগে। ৰাতিটোৰ ভিতৰতে সমস্যাবোৰ কমি যাব।

৩. আপেল চিজাৰ ভিনেগাৰঃ এই ভিনেগাৰে ব্ৰণ(Pimple) কমোৱাত অতি উত্তম কাম কৰে। ৰাতি ব্ৰণ(Pimple)ত ইয়াক লগাব লাগে। ৰাতিপুৱা দেখিব যে ব্ৰণ(Pimple) কমাব পাৰিছে। যদিও ই সকলোৰে ছালৰ বাবে ভাল নহয়। ই কিছুমান মানুহৰ প্ৰদাহৰ সৃষ্টি কৰিব পাৰে। এই ভিনেগাৰ এৰাই চলিব লাগে।

৪. নিম পাতঃ ব্ৰণ(Pimple)ৰ বাবে অত্যন্ত ভাল ঔষধ। নিম পাতবোৰ ৰাতি তিয়াই থওক। ৰাতিপুৱা পানীৰ পৰা পাতবোৰ উলিয়াই অলপ থেতেলিয়াই পেষ্ট বনাই দিব লাগে। ব্ৰণ(Pimple)ৰ ওপৰত পেষ্ট লগাব লাগে। ২০ মিনিটৰ বাবে থৈ কুহুমীয়া গৰম পানীৰে ধুই পেলাব লাগে। সমস্যা কমি যাব।

৫. চন্দনঃ নেমুৰ ৰস অলপ দি চন্দন পেষ্ট বনাই লব। ৰাতি শোৱাৰ আগতে ব্ৰণ(Pimple)ত লগাব লাগে। ৰাতিপুৱা গৰম পানীৰে ধুব লাগে। ৰাতিটোৰ ভিতৰতে ব্ৰণ(Pimple) নোহোৱা হৈ যাব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.