অ আ ক খ নিশিকাকৈয়ে কেনেকৈ পাছ কৰিলে HS পৰীক্ষা ?



 অ, আ, ক, খ নপহাকৈয়ে উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী মহিলাৰ কাহিনী এইয়া । মাক দেউতাকে বিদ্যালয়লৈ পঠিয়াব নিবিচৰা এই মহিলা গৰাকীৰ আছিল শিক্ষা গ্ৰহণ কৰাৰ প্ৰবল ধাউতি । বিদ্যালয়ৰ দুৱাৰমুখ দেখি নোপোৱা ছাত্ৰী গৰাকী কেনেকৈ উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল জানো আহক । মহিলা গৰাকীৰ নাম গুণমাই পাতৰ ; ঘৰ মৰিগাওঁ জিলাৰ হাবিবৰঙাবাৰীত । দেউতাক মথুৰা পাতৰৰ মন নাছিল ছোৱালীজনীক বিদ্যালয়লৈ পঠিওৱাৰ কিন্তু মাক চেনীমাই পাতৰৰ মন ছোৱালীজনীয়ে পঢ়ি শুনি কিবা এটা কৰক । এইয়া আছিল ১৯৮০ চনৰ কথা । ঘৰৰ মানুহে গম নোপোৱাকৈয়ে গুনমাইয়ে লগৰ সংগীবোৰৰ পৰা কিতাপ আনি ষষ্ঠ শ্ৰেণীৰ পৰাহে আৰম্ভ কৰিছিল নিজৰ শিক্ষা জীৱন । পঢ়াৰ প্ৰতি প্ৰবল মনোভাৱ থকাৰ বাবেই কম সময়ৰ ভিতৰতে সকলো শিক্ষা আয়ত্ত কৰি লৈছিল । ১৯৯৩ চনত মৰিগাওঁ জিলাৰ হাবিবৰঙাবাৰী ছোৱালীব উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হৈছিল আৰু গাওঁখনৰ ভিতৰতে জাকত জিলিকা হৈ উত্তীৰ্ণ হৈছিল । কেৱল বিদ্যালয়ৰ কিতাপেই নহয় বাহিৰা বহু জ্ঞান আয়ত্ব কৰিছিল । দৰিদ্ৰতাক পিছ পেলাই লাজ মান আতৰাই লগৰ সংগীবোৰৰ পৰা কিতাপ আনি পঢ়িছিল গুণমাইয়ে । ১৯৯৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হ'ল । কিন্তু পৰিতাপৰ কথা এই যে উচ্চতৰ মাধ্যমিকৰ প্ৰমাণপত্ৰ আজি কুপতি পাবলৈ সক্ষম নহল । যাৰ বাবে হায়াৰছেকেণ্ডাৰী পৰিক্ষাত উত্তীৰ্ণ হৈ কিমান নম্বৰ পালে তাকো আজিলৈ গ'ম নাপালে তেওঁ । বৰ্তমান এটি কন্যা সন্তানসহ সুখী জীৱন অতিবাহিত কৰিছে যদিও প্ৰমাণপত্ৰখন নোহোৱাৰ বাবেও চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ সক্ষম নহ'ল । 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.