draupadi murmu know about ndas presidential nominee
দ্ৰৌপদী মুৰ্মু হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএ মিত্ৰতাৰ প্ৰাৰ্থী। দ্ৰৌপদী মুৰ্মুৰ নাম মঙলবাৰে এখন বৈঠকৰ অন্তত বিজেপিৰ সভাপতি জে পি নাড্ডাই ঘোষণা কৰে ।
নাড্ডাই কয় যে এন ডি এৰ অংশীদাৰৰ সৈতে হোৱা আলোচনাত ২০ জন সম্ভাৱ্য প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হয়। কিন্তু ,শেষত দ্ৰৌপদীৰ নাম বাছনি কৰা হৈছে।
দ্ৰৌপদী মুৰ্মুই ১৯৫৮ চনত উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোছি গাঁৱৰ এটা সন্তল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে তাই এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপেও কাম কৰিছিল। ১৯৯৬ চনত বিজেপিৰ সৈতে থিয় হৈ উৰিষ্যাৰ ৰায়ৰংপুৰ নগৰৰ গাঁওপঞ্চায়তৰ কাউন্সিলাৰ হিচাপে বিজয়ী হৈছিল।
দ্ৰৌপদী বিজেপিৰ অনুসূচিত জনজাতিৰ উপ-সভাপতি আছিল। দলীয় সূত্রৰ মতে, তেওঁ সুদক্ষভাৱে সংগঠনটো পৰিচালনা কৰিছে৷
তেওঁৰ ৰাজনৈতিক পথ সুচল আছিল। ২০০০ আৰু ২০০৪ চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত তেওঁ নবীন পাটনায়কৰ নেতৃত্বাধীন বিজেডি-বিজেপি চৰকাৰৰ মন্ত্ৰী হয়।
প্রথম পর্যায়ত তেওঁ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যৰ ৰাজ্যিক মন্ত্রী আছিল৷ পিছলৈ তেওঁ পৰিবহণ, পশুপালন আৰু মীন বিভাগো পৰিচালনা কৰিছিল।
২০০৭ চনত দ্ৰৌপদীয়ে উৰিষ্যাৰ শ্ৰেষ্ঠ বিধায়কৰ নীলাকান্ত বঁটা লাভ কৰিছিল।
যদিও ২০০৯ চনত বিজেডিৰ সৈতে বিজেপিৰ মিত্ৰতা বিচ্ছিন্ন হৈছিল, তথাপিও বিধানসভা নিৰ্বাচনত মুৰ্মুৱে জয়লাভ কৰিছিল।
দ্ৰৌপদী মুৰ্মুৱে ২০১৫ চনত ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল।
দ্ৰৌপদী হৈছে ঝাৰখণ্ডৰ প্ৰথমজন ৰাজ্যপাল যিয়ে পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল।
২০১৭ চনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপেও তেওঁৰ নাম আহিছিল। ৰাজনৈতিক জীৱনত সফল যদিও দ্ৰৌপদীৰ ব্যক্তিগত জীৱনটো যন্ত্ৰণাদায়ক। মহাভাৰতৰ দ্ৰৌপদীৰ দৰেই তেওঁৰ জীৱনতো বহুত দুখ আছিল। দ্ৰৌপদীযে তেওঁৰ দুই পুত্ৰৰ লগতে স্বামিকো হেৰুৱাইছিল। তেওঁৰ এগৰাকী ছোৱালী আছে। আৰু এইবাৰ দ্ৰৌপদীৰ গন্তব্যস্থান হৈছে ৰাইচিনা পাহাৰ। বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাক পৰাস্ত কৰিব পাৰিলে, দ্ৰৌপদী দেশৰ প্ৰথমগৰাকী খিলঞ্জীয়া মহিলা ৰাষ্ট্ৰপতি হব।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati
