alum benefits for skin whitening and pimples
ফিটকিৰিৰ উপকাৰীতা
ফিটকিৰিৰ বহুতো উপকাৰীতা আছে। শৰীৰৰ পৰা বৈ অহা তেজ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেইবাবেই পুৰুষৰ শ্বেভিং কিটত ফিটকিৰি অতি আৱশ্যকীয়। কিন্তু আপুনি জানেনে যে ছালত ফিটকিৰি ব্যৱহাৰ কৰিলে বহুতো উপকাৰ পোৱা যায়। অন্যান্য সৌন্দৰ্য্য সামগ্ৰীৰ লগত ফিটকিৰি ব্যৱহাৰ কৰিলে কেৱল দাগ আৰু Wrinkles দূৰ কৰাই নহয়। বৰঞ্চ ই চকুৰ তলত ডাৰ্ক চাৰ্কল আৰু ফুলা কমোৱাতো সহায় কৰে। গতিকে আহক চোন ফিটকিৰি ব্যৱহাৰ কৰিলে ছালখন কেনেদৰে উপকৃত হয় জানো।
ক’লা দাগ আৰু চকু ফুলা কমায়
যদি চকুৰ তলত ফুলি উঠে বা ডাৰ্ক চাৰ্কল থাকে তেন্তে ফিটকিৰি আৰু গোলাপ জলৰ মিশ্ৰণটো উপকাৰী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ফিটকিৰি য়ে ছালত কোনো ধৰণৰ বিৰক্তিৰ সৃষ্টি নকৰে। ফিটকিৰি পাউদাৰত গোলাপ পানী মিহলাই পেষ্ট প্ৰস্তুত কৰিব লাগে। এই পেষ্টটো মুখত লগাই দহ মিনিটমান ৰাখিব। তাৰ পিছত গৰম পানীৰে মুখখন ধুব লাগে। এনে কৰিলে কিছুদিনৰ ভিতৰতে পাৰ্থক্য দেখা যাব।
শিথিলতা
যদি মুখৰ ছালত শিথিলতা দেখা দিবলৈ আৰম্ভ কৰিছে, তেন্তে মুখত ফিটকিৰি ৰ পৰা তৈয়াৰী টোনাৰ লগাব লাগে। ই অতি ফলপ্ৰসূ। টোনাৰ বনাবলৈ প্ৰথমে ফিটকিৰি পানীত দিব লাগে। লগতে ইয়াৰ লগত কিছু তুলসী পাতও দিব। পানীখিনি উতলাই লওক। উতলিলে লগে লগে ফিটকিৰি পানীত দ্ৰৱীভূত হ’ব। ইয়াৰ পিছত গেছ বন্ধ কৰি পানী ফিল্টাৰ কৰি দিব লাগে। তাৰ পিছত তাত কেইটোপালমান গ্লিচাৰিন মিহলাই এটা শিশিত ৰাখিব। টোনাৰ হিচাপে মুখত ব্যৱহাৰ কৰক।
দাগ
যদি মুখত ব্ৰণৰ দাগ বাকী থাকে তেন্তে মুলতানি মিট্টিৰ লগত ফিটকিৰি মিহলাই লগাব লাগে। এই পেকটো বনাবলৈ ফিটকিৰি পাউদাৰ আৰু মুলটানি মিট্টি মিহলাই পেষ্ট বনাব লাগে। পেষ্টৰ বাবে গাখীৰ ব্যৱহাৰ কৰিব লাগে। ১৫ মিনিটৰ পিছত গৰম পানীৰে মুখখন ধুব লাগে। ইয়াৰ ফলত মুখৰ দাগ আঁতৰোৱাত সহায়ক হ’ব।
প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰক
ছালৰ প্ৰয়োজন অনুসৰি এইবোৰৰ যিকোনো প্ৰকাৰে এলুম ব্যৱহাৰ কৰিব লাগে। ই দাগ আঁতৰোৱাত সহায় কৰিব।
এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে, অধিক বিৱৰণৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati