এতিয়া যাত্ৰীসকলে ৰে’লত টেনচন নোহোৱাকৈ শুব পাৰিব, ৰে’লৱে আৰম্ভ কৰিলে বিশেষ সেৱা

indian railways started station alert wakeup alarm service alert will come before station arrival

Indian railways started station alert wake up alarm service alert will come before station arrival

ভাৰতীয় ৰে’লৱেই নিজৰ সেৱা নিৰন্তৰ উন্নত কৰাৰ লগতে নতুন নতুন সেৱাসমূহ আপডেট কৰি আছে। ইফালে, ৰে’লৱেই যাত্ৰীসকলৰ বাবে এক বৃহৎ সেৱা আৰম্ভ কৰিছে। এতিয়া ৰেলত ষ্টেচন পাৰ হৈ যোৱাৰ চিন্তা নকৰাকৈ আৰামত শুব পাৰিব। ষ্টেচনত উপস্থিত হোৱাৰ ২০ মিনিট আগতে ৰেলৱেই আপোনাক টুপনিৰ পৰা জগাই দিব। ইয়াৰ দ্বাৰা আপোনাৰ ষ্টেচনটো মিছ নহ’ব আৰু আপুনি সহজে নিচিন্ত ভাৱে জিৰণি ল’ব পাৰিব। ৰেলৱেৰ এই বিশেষ সুবিধাৰ বিষয়ে কওঁ আহক

শুই থকাৰ বাবে এৰি নাযায় আপোনাৰ ষ্টেচন

আপোনালোকক কওঁ যে ৰেলৱেৰ এই বিশেষ সেৱাৰ নাম হৈছে ‘Destination Alert Wakeup Alarm’। বহু সময়ত ট্ৰেইনত মানুহ টোপনি যায় আৰু এই ফলত তেওঁলোকে নিজৰ ষ্টেচনটো এৰি গুছি যায় । এই সমস্যা দূৰ কৰাৰ বাবে এই সুবিধা আৰম্ভ কৰা হৈছে। সাধাৰণতে এনে হয় কেৱল ৰাতিৰ ভাগতহে। ১৩৯ নম্বৰৰ অনুসন্ধান সেৱাত ৰে’লৱেই এই সুবিধা আৰম্ভ কৰিছে। ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলে ১৩৯ নম্বৰৰ অনুসন্ধান ব্যৱস্থাত সতৰ্কতাৰ সুবিধা বিচাৰিব পাৰিব।

ষ্টেচন পোৱাৰ ২০ মিনিট আগতে এলাৰ্ট আহিব

ৰে’লৰ যিকোনো যাত্ৰীয়ে এই সেৱাৰ সুবিধা ল’ব পাৰিব। নিশা ১১ বজাৰ পৰা পুৱা ৭ বজালৈ যাত্ৰীসকলে এই সুবিধা লাভ কৰিব। ইয়াৰ বাবে ৰে’লৱেই মাত্ৰ ৩ টকা মাচুল নিৰ্ধাৰণ কৰিছে। যদি আপুনি এই সেৱা গ্ৰহণ কৰে তেন্তে আপোনাৰ ষ্টেচনৰ ২০ মিনিট আগতে আপোনাৰ ফোনলৈ এটা সতৰ্কবাণী প্ৰেৰণ কৰা হ’ব। যাতে আপুনি আপোনাৰ লাগেজ আদি সঠিকভাৱে ৰাখে আৰু ষ্টেচন পালেহি ৰেলৰ পৰা নামিব পাৰিব।

এনেদৰে সেৱা আৰম্ভ কৰিব পাৰে

‘ডেষ্টিনেচন এলাৰ্ট ৱেকআপ এলাৰ্ম’ সেৱা আৰম্ভ কৰিবলৈ যাত্ৰীসকলে আই আৰ চি টি চিৰ হেল্পলাইন ১৩৯ নম্বৰত ফোন কৰিব লাগিব।

- কল ৰিচিভ হ’লে আপোনাৰ ভাষা নিৰ্বাচন কৰিব লাগিব।

- গন্তব্যস্থান সতৰ্কবাণীৰ বাবে প্ৰথমে ৭টা নম্বৰ আৰু তাৰ পিছত ২টা নম্বৰ টিপিব লাগিব।

- ইয়াৰ পিছত যাত্ৰীজনৰ পৰা ১০ অংকৰ পিএনআৰ নম্বৰ বিচৰা হ’ব।

- PNR ত প্ৰৱেশ কৰাৰ পিছত নিশ্চিত কৰিবলৈ 1 ডায়েল কৰিব লাগিব।

- এই প্ৰক্ৰিয়াৰ পিছত চিষ্টেমে পিএনআৰ নম্বৰ পৰীক্ষা কৰিব আৰু ৱেকআপ এলাৰ্ট ফিড কৰিব।

- ইয়াৰ কনফাৰ্মেচন এছ এম এছ যাত্ৰীৰ মোবাইলত আহিব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.