" আপোনাৰ আধাৰৰ তথ্য অপব্যৱহাৰৰ পৰা এনেদৰে ৰোধ কৰক Aadhaar security tips 7 tips to keep your Aadhaar details from being misused

আপোনাৰ আধাৰৰ তথ্য অপব্যৱহাৰৰ পৰা এনেদৰে ৰোধ কৰক Aadhaar security tips 7 tips to keep your Aadhaar details from being misused

aadhaar security tips 7 tips to keep your aadhaar details from being misused

Aadhaar security tips 7 tips to keep your Aadhaar details from being misused

আধাৰ হৈছে ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে (UIDAI) ভাৰতৰ এজন বাসিন্দাক প্ৰদান কৰা এটা পৰীক্ষণযোগ্য ১২ অংকৰ চিনাক্তকৰণ নম্বৰ। আধাৰ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰাৰ সকলো দায়িত্ব ইউআইডিএআই(UIDAI) ৰ। ইউআইডিএআই(UIDAI) ৰ ৱেবছাইট অনুসৰি, “ব্যক্তিৰ সুৰক্ষা, আৰু তেওঁলোকৰ তথ্য সুৰক্ষিত কৰাটো ইউআইডি প্ৰকল্পৰ ডিজাইনত অন্তৰ্নিহিত। 

অৱশ্যে আমাৰ গাফিলতিৰ বাবে যাতে আমাৰ আধাৰৰ সবিশেষ দুষ্ট চক্ৰৰ হাতত নপৰে সেয়া হৈছে আমাৰ দায়িত্ব। গতিকে, ইউআইডিএআই(UIDAI) য়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে টুইট যোগে কিছুমান নিৰ্দেশনা জাৰি কৰিছে, তাৰ যোগেদি তেওঁলোকে আমাৰ আধাৰৰ তথ্য প্ৰৱঞ্চকৰ অপব্যৱহাৰৰ পৰা ৰক্ষা কৰিবলৈ সজাগতা আৰু কিছুমান টিপছ আগবঢ়াইছে।

১/ গ্ৰহণ কৰাৰ আগতে আধাৰ পৰীক্ষা কৰক

আধাৰ ধাৰীয়ে আধাৰৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ আধাৰ নম্বৰ আৰু কেপচা লিখি আধাৰ সবিশেষ পৰীক্ষা কৰি তথ্য নিশ্চিত কৰিব পাৰে। আপোনাৰ সন্মুখত উপস্থাপন কৰা যিকোনো আধাৰ নম্বৰ আপুনি সহজেই ভেৰিফাই কৰিব পাৰে।

ইউআইডিএআই(UIDAI) ৰ এক টুইট অনুসৰি, “১২টা অংকৰ সকলো নম্বৰ আধাৰ নহয়। আধাৰক পৰিচয় প্ৰমাণ হিচাপে গ্ৰহণ কৰাৰ পূৰ্বে ইয়াক পৰীক্ষা কৰি লোৱাটো বাঞ্ছনীয়।”

২/ কেতিয়াও আধাৰ OTP শ্বেয়াৰ নকৰিব

যিকোনো স্থানৰ পৰা আধাৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰাৰ এক সহজ আৰু ফলপ্ৰসূ উপায় Aadhaar OTP। নিশ্চিত হওক যে কেতিয়াও আন এজনক আপোনাৰ Aadhaar OTP ব্যৱহাৰ কৰিবলৈ শ্বেয়াৰ নকৰিব। 

ইউ আই ডি এ আই(UIDAI)ৰ এক টুইট অনুসৰি, “যিকোনো ঠাইৰ পৰা আধাৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰিবলৈ আধাৰ অ’টিপি হৈছে এক সুবিধাজনক আৰু শক্তিশালী আহিলা।আপুনি ইয়াক নিজে ব্যৱহাৰ কৰক। আপোনাৰ হৈ ব্যৱহাৰৰ বাবে কেতিয়াও আন কাৰো লগত ইয়াক শ্বেয়াৰ নকৰিব।"

৩/ ডাউনলোড কৰাৰ পিছত আধাৰ ফাইলটো ডিলিট কৰক

যদি আপুনি আপোনাৰ e Aadhaar যিকোনো ৰাজহুৱা কম্পিউটাৰৰ পৰা ডাউনলোড কৰিছে, তেন্তে ফাইলটো স্থানান্তৰ বা প্ৰিন্টআউট লোৱাৰ পিছত ৰাজহুৱা কম্পিউটাৰৰ পৰা ডাউনলোড কৰা ফাইলটো মচি পেলোৱাটো নিশ্চিত কৰক।

লগতে কেৱল অফিচিয়েল ৱেবছাইটৰ পৰা আধাৰ ডাউনলোড কৰক, ইউআইডিএআই(UIDAI)ৰ টুইট অনুসৰি, “আপোনাৰ আধাৰ কেৱল ইউআইডিএআই(UIDAI)ৰ অফিচিয়েল পৰ্টেলৰ পৰা ডাউনলোড কৰক: https://eaadhaar.uidai.gov.in/genricDownloadAadhaar । যদি আপুনি ডাউনলোড কৰিবলৈ ৰাজহুৱা কম্পিউটাৰ ব্যৱহাৰ কৰিছে, তেন্তে ডাউনলোড কৰা ফাইলটো মচি পেলাবলৈ নাপাহৰিব ।

৪/ আধাৰ প্ৰমাণীকৰণ ইতিহাস পৰীক্ষা কৰক

যদি আপুনি আপোনাৰ আধাৰ একাধিক ঠাইত আৰু বহুবাৰ ব্যৱহাৰ কৰিছে, তেন্তে আপোনাৰ আধাৰ প্ৰমাণীকৰণ ইতিহাস পৰীক্ষা কৰাটো ভাল।

অফিচিয়েল টুইটটোত কোৱা হৈছে যে, “আপুনি যোৱা ৬ মাহত ৫০টা পৰ্যন্ত আধাৰ প্ৰমাণীকৰণৰ ইতিহাস পৰীক্ষা কৰিব পাৰিব। ফলাফলত প্ৰমাণীকৰণৰ সঠিক তাৰিখ আৰু সময় উল্লেখ কৰা পাব, যদিহে কোনো অনাকাংক্ষিত প্ৰমাণীকৰণ প্ৰৱেশ আছে তেনেহলে আপুনি গম পাব যিয়ে আপোনাক সজাগ কৰাত সহায় কৰিব পাৰে ।”

৫/ অপব্যৱহাৰ ৰোধ কৰিবলৈ আধাৰ লক কৰক

আধাৰ ধাৰীয়ে বায়’মেট্ৰিক লক কৰি যিকোনো ব্যক্তিৰ দ্বাৰা সম্ভাৱ্য অপব্যৱহাৰ ৰোধ কৰিব পাৰে আৰু প্ৰয়োজনত সহজে আনলক কৰি লব পাৰে। অৱশ্যে আপোনাৰ VID হাতত ৰাখক কাৰণ যিকোনো সময়ত ইয়াৰ প্ৰয়োজন হ’ব।

VID হৈছে ১৬ অংকৰ ৰেণ্ডম নম্বৰ যিটো আধাৰ নম্বৰৰ সৈতে সংযুক্ত হৈ থাকে। প্ৰমাণীকৰণ বা ই-কেৱাইচি সেৱাসমূহ সম্পাদন কৰাৰ সময়ত আধাৰ নম্বৰৰ পৰিৱৰ্তে VID ব্যৱহাৰ কৰিব পাৰি।

ইউআইডিএআই(UIDAI)ৰ টুইট অনুসৰি, " সম্ভাৱ্য অপব্যৱহাৰ ৰোধ কৰিবলৈ আপোনাৰ আধাৰৰ বায়'মেট্ৰিক্স লক কৰক। আপোনাৰ আধাৰ লক/আনলক কৰিবলৈ mAadhaar App ব্যৱহাৰ কৰক বা তলত দিয়া লিংকত ক্লিক কৰক: https://resident.uidai.gov.in/aadhaar-lockunlock।"  অনুগ্ৰহ কৰি মন কৰক যে এই সেৱাৰ বাবে আপোনাৰ VID বাধ্যতামূলক।"

৬) মাস্কড আধাৰ ব্যৱহাৰ কৰক

আপুনি যদি আপোনাৰ #Aadhaar নম্বৰ প্ৰকাশ কৰিব নিবিচাৰে তেন্তে VID বা Masked Aadhaar utilize কৰিব পাৰে; ই বৈধ আৰু বহুলভাৱে গ্ৰহণযোগ্য।

UIDAI ৰ টুইট অনুসৰি, “যদি আপুনি আপোনাৰ আধাৰ নম্বৰ প্ৰকাশ কৰিব নিবিচাৰে, তেন্তে আপুনি VID বা Masked Aadhaar ব্যৱহাৰ কৰিব পাৰে, ই বৈধ আৰু ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে।”

৭/ মোবাইল নম্বৰ আপডেট কৰক

আপুনি সদায় আধাৰত শেহতীয়া মোবাইল নম্বৰ আপডেট কৰিব লাগিব।আপুনি নিশ্চিত কৰিব লাগিব যে আপোনাৰ সঠিক মোবাইল নম্বৰ বা ইমেইল ঠিকনা আপোনাৰ আধাৰ একাউণ্টৰ সৈতে সংযোগ কৰা হৈ আছে।UIDAI ৰ টুইট অনুসৰি, “আধাৰত সদায় আপোনাৰ মোবাইল নম্বৰ আপডেট কৰি ৰাখক। আপোনাৰ সঠিক মোবাইল নম্বৰ বা ইমেইল আধাৰৰ সৈতে লিংক কৰা হৈছে নে নাই সেই সম্পৰ্কে যদি আপোনাৰ কোনো সন্দেহ আছে, তেন্তে আপুনি এই লিংক ব্যৱহাৰ কৰি সঠিক্ভাৱে পৰীক্ষা কৰিব পাৰে https://myaadhaar.uidai.gov.in/verify-email-mobile ।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati


Post a Comment

Previous Post Next Post

People Like