গাখীৰ, দৈ আৰু পনিৰ এনে কিছুমান গাখীৰৰ সামগ্ৰী যাৰ চাহিদা কেতিয়াও শেষ নহয়। ভাৰতৰ বেছিভাগ চহৰতে ১ লিটাৰ গাখীৰৰ বাবে প্ৰায় ৫০ টকা খৰচ কৰিব লগা হয়। অৰ্থাৎ ১০ লিটাৰ গাখীৰৰ বাবে ৫০০টকা , কল্পনা কৰকচোন যদি ১০ লিটাৰ গাখীৰৰ খৰচ মাত্ৰ ৬০ টকা হয়, তেন্তে আপুনি কিমান লাভ অৰ্জন কৰিব?
উচ্চ লাভৰ মাৰ্জিন : High profit margins
গাখীৰৰ ব্যৱসায়ত অধিক লাভৰ হাৰ পাবলৈ হ’লে ডেইৰী খোলাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু আপোনাৰ গাখীৰৰ দুগ্ধজাত সামগ্ৰীত আনত্কৈ কিছু পাৰ্থক্য থাকিব। ইয়াক আপুনি TOFU MILK DAIRY বুলি ক’ব পাৰে। চয়াবিনৰ গাখীৰৰ বাবে TOFU শব্দটো ব্যৱহাৰ কৰা হয়। লকডাউনৰ পিছত ভাৰতীয় বজাৰত চয়াবিনৰ গাখীৰৰ চাহিদা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল ইয়াত চৰ্বি নাথাকে আৰু প্ৰটিনৰ পৰিমাণ বেছি।
চয়াবিনৰ গাখীৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৩ টা মেচিনৰ মুঠ খৰচ প্ৰায় ১৫০০০০০ টকা হব। ইয়াক ইণ্টাৰনেটত সন্ধান কৰিলে পাব। এই মেচিনৰ ডিলাৰ ওচৰৰ যিকোনো মহানগৰত পোৱা যায়। ১ কেজি চয়াবিনৰ পৰা ১০ কেজি গাখীৰ তৈয়াৰ কৰিব পাৰি, বা ৮ কেজি দৈ বা ডেৰ কেজি পনিৰ বনাব পাৰি। ১ কেজি চয়াবিনৰ দাম প্ৰায় ৪০ টকা। বিদ্যুৎ আৰু বাকী সকলো বস্তুৰ খৰচ একেলগে ২০ তকৈ বেছি নহ’ব। এইদৰে মাত্ৰ ৬০ টকাত ১০ লিটাৰ গাখীৰ পাব পাৰিব।
চয়াবিনৰ গাখীৰৰ উপকাৰীতা
১)শিশু আৰু বৃদ্ধসকলৰ বাবে চয়াবিনৰ গাখীৰ আটাইতকৈ উপকাৰী।
২)চয়াবিনৰ গাখীৰত চৰ্বি নাথাকে।
৩)সাধাৰণ গাখীৰতকৈ চয়াবিনৰ গাখীৰৰ শেল্ফ লাইফ বেছি।
৪)চয়াবিনৰ গাখীৰত অধিক প্ৰটিন থাকে।
৫)আটাইতকৈ ডাঙৰ কথাটো হ’ল কোনো ধৰণৰ দ্ৰৱ্য মিহলি কৰা নহয়।
৬)কোনো ধৰণৰ ইউৰিয়াৰ বিপদ নাই।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati