charaibahi hospital corruption
- কোলাত পানী কেঁচুৱা লৈ ৰোগীৰ মাজত হাহাঁকাৰ । চিকিৎসকৰ ময়মতালিৰে চলিছে চিকিৎসালয় ।
- স্বাস্থ্য বিভাগৰ কায়াকল্প বঁটা প্ৰাপ্ত মৰিগাঁৱৰ চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকৰ মইমতালি
- ছুটি নোলোৱাকৈয়ে চিকিৎসালয়ত অনুপস্থিত চিকিৎসক
- নিলম্বন কৰাৰ দাবী চিকিৎসক মাহমুদুল হাছান চৌধৰীক
পুলক নাথ :মিকিৰভেটা : দৈনন্দিন সেৱা : মৰিগাঁও জিলাৰ চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ত সময়মতে চিকিৎসক উপস্থিত নথকাক কেন্দ্ৰ কৰি ৰোগীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসালয় খনত দিনৰ ১১ বজা পৰ্যন্ত চিকিৎসকৰ অনুপস্থিতিয়ে অঞ্চলটোৰ লগতে জিলা খনত সাধাৰণ ৰাইজ তথ ৰোগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি বছৰে চিকিৎসালয় সমূহলৈ প্ৰদান কৰা কায়াকল্প বঁটা ২০২২ ৰ সন্মান লাভ কৰাৰ লগতে মৰিগাঁও জিলাৰ চিকিৎসালয় সমূহৰ ভিতৰত এই বৰ্ষত প্ৰথমস্থান লাভ কৰা চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা: মাহমুদুল হাছান চৌধুৰীয়ে নিজৰ মইমতালিৰে মাহটোৰ বহুকেইটা দিন চিকিৎসালয়ত উপস্থিত নথকাত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰোগীয়ে জীয়াতু ভুগি আহিব লগা হৈছে।
এই ক্ষেত্ৰত শুকুৰবাৰে চিকিৎসক মাহমুদুল হাছান চৌধুৰীয়ে বিভাগীয় ভাৱে কোনো ছুটি গ্ৰহণ নকৰাকৈ চিকিৎসালয়ত উপস্থিত নথকাত চিকিৎসালয় খনলৈ চিকিৎসা গ্ৰহণৰ বাবে অহা ৰোগীৰ মাজত এক হাহাঁকাৰময় পৰিৱেশৰ সৃষ্টি হয় ৷ আনহাতে, চিকিৎসক গৰাকীয়ে পূৰ্বতেও অনুৰূপ ঘটনা সংঘটিত কৰি অহাৰ পিছত আজি পুনৰ এনে ঘটনা সংঘটিত হোৱাত চৰাইবাহী অঞ্চলৰ একাংশ সচেতন ব্যক্তিয়ে জিলা স্থাস্থ্য বিভাগৰ উদ্ধতন কতৃপক্ষক বিষয়টো অৱগত কৰাত ভূৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্থাস্থ্য বিষয়া ডাঃ দুলাল চন্দ্ৰ মেধি চিকিৎসালয় খনত উপস্থিত হৈ সমগ্ৰ বিষয়টো তদন্ত কৰি এক ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে৷
charaibahi hospital
ইফালে, মৰিগাঁও চৰাইবাহী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক মাহমুদুল হাছান চৌধুৰীক পুনৰ এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ চৰাইবাহী অঞ্চলৰ সচেতন মহলে দাবী জনাইছে ৷ লগতে সংবাদ মাধ্যমৰ সংবাদকৰ্মীক চিকিৎসালয় খনত দৃষ্ট ৰাখিবলৈ অনুৰূধ জনাইছে । ইফালে, কোলাত ৰোগীয়া পানী কেঁচুৱাক লৈ মাতৃয়ে ঘণ্টা ধৰি চিকিৎসাৰ বাবে ৰাজ্যিক চিকিৎসালয়ত অপেক্ষা কৰি থাকিব লগীয়া হোৱা ঘটনাই সমগ্ৰ জিলা খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰ চত্তচায়াত এনে কাৰ্য বাৰে বাৰে সংঘটিত হয় তাৰো তদন্ত অব্যাহত আছে । স্থানীয় ৰাইজৰ দাবী যদি পুনৰ এনে কাৰ্য কৰে তেন্তে চিকিৎসক জনক নিলম্বন কৰি ভাল চিকিৎসকক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে ।