সলনি হব বেংক আৰু ডাকঘৰত ধন জমা আৰু উলিওৱাৰ নিয়ম। জানি লওঁক সকলো নিয়ম

New RBI rules and regulations for bank and post office

new-rbi-rules-and-regulations-for-bank-and-post-office


 উপাৰ্জন কৰা ধন সুৰক্ষাৰ কাৰনে বেংক আৰু ডাকঘৰত জমা কৰা হয় । কোনো ধৰণৰ জৰুৰী প্ৰয়োজন হ’লে বেংক আৰু ডাকঘৰৰ পৰা ধন উলিওৱা হয়।

জৰুৰীকালীন অৱস্থাত কিমান টকাৰ প্ৰয়োজন হ’ব সেয়া সঠিকভাৱে কোৱা সম্ভৱ নহয়। কিন্তু ইমান দিনে বেংক বা ডাকঘৰৰ পৰা প্ৰয়োজনীয় ধনখিনি সকলোৱে উলিয়াই লয়। ইয়াত কেতিয়াও বাধকতা আহি পৰা নাছিল। কিন্তু এইবাৰ ইচ্ছামতে বেংকত নগদ ধন জমা বা উলিওৱাটো সম্ভৱ নহব। (নতুন আৰ বি আই নিয়ম)

এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰত্যক্ষকৰ ব’ৰ্ডে জাৰি কৰিছে এক অধিসূচনা (নতুন আৰ বি আই নিয়ম)। এবছৰত নিৰ্দিষ্ট পৰিমাণৰ ধনতকৈ অধিক নগদ ধন জমা আৰু উলিওৱাৰ বাবে পেন আৰু আধাৰ কাৰ্ডৰ প্ৰয়োজন। এতিয়া জানি লওঁ, কেতিয়া কাৰ্যকৰী হ’ব এই নতুন নিয়ম? টকাৰ পৰিমাণ কিমান? আৰু মানি নচললে কি হব পাৰে।

নতুন নিয়ম অনুসৰি এজন ব্যক্তিয়ে গোটেই বছৰটোৰ সকলো একাউণ্টত ২০ লাখ টকা জমা কৰিব বিচাৰিলে পেন কাৰ্ড থকাটো বাধ্যতামূলক। একেদৰে পেন কাৰ্ড লৈ টকা উলিয়াব লাগিব। ডিজিটেল পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নগদ ধনৰ লেনদেন ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে বিভিন্ন বেংকক অৱগত কৰা হৈছে যে অহা ২৬ মে’ৰ পৰা নতুন আৰ বি আই নিয়ম কাৰ্যকৰী হ’ব।

এতিয়া কি কি নিয়ম আছে?

বৰ্তমান সময়ত এজন ব্যক্তি বেংক একাউণ্টত দুলাখ টকা বা তাতোকৈ অধিক টকা জমা কৰিবলৈ গ’লেহে পেন কাৰ্ড বাধ্যতামূলক। উলিওৱাৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য। দেখা গ’ল যে বহুতে বাৰে বাৰে কম টকাৰ লেনদেন কৰি আছিল। ২৬ মে’ৰ পৰা প্ৰৱৰ্তন হ’বলগীয়া এই নতুন নিয়মৰ জৰিয়তে বছৰি মুঠ ২০ লাখ টকা পেন কাৰ্ডৰ জৰিয়তে উলিয়াব বা জমা কৰিব পাৰিব।

এটাতকৈ অধিক একাউণ্ট থাকিলেও সকলো বেংক একাউণ্ট একেলগে, সেই ধনৰাশি ২০ লাখ টকাতকৈ বেছি হ’ব নালাগে। কেৱল চৰকাৰী বেংকৰ ক্ষেত্ৰতে নহয়, ব্যক্তিগত আৰু সমবায় বেংকৰ ক্ষেত্ৰতো এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে, লগতে ডাকঘৰতো প্ৰৱৰ্তন কৰা হৈছে। যদি নহয় তেন্তে আয়কৰ বিভাগক জবাবদিহি কৰিব লাগিব। যদি আপুনি নিৰ্দিষ্ট প্ৰমাণ বা কাৰণ দেখুৱাব নোৱাৰে, তেন্তে সংশ্লিষ্ট সংস্থাই আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে (নতুন আৰ বি আই নিয়ম)।

১০০ টকাৰ এই পুৰণি নোটখনৰ দাম ১ কোটি টকালৈ বৃদ্ধি পালে, নাই নেকি?

কিন্তু লেনদেন কৰাৰ সময়ত এজন ব্যক্তিয়ে পান কাৰ্ডৰ সলনি আধাৰ নম্বৰ দিব পাৰে। বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পিছত নতুন আৰ বি আই নিয়ম কেনেদৰে কাৰ্যকৰী কৰা হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানলৈ কোনো বিশদ চাৰ্কুলাৰ প্ৰেৰণ কৰা হোৱা নাই।

বেংক কৰ্তৃপক্ষৰ মতে, এই নিয়ম আৰম্ভ হৈছে মাত্ৰ, নিৰ্দিষ্ট নিৰ্দেশনা এতিয়াও বিচাৰি পোৱা নাই। অৱশ্যে ১ এপ্ৰিলৰ পৰা এই নিয়ম গণনা কৰা হ’ব। আনহাতে সাধাৰণ গ্ৰাহকে এই নিয়মটো ভাল নাপায়, আপোনাৰ কষ্টোপাৰ্জিত ধন কেনেকৈ খৰচ কৰিব লাগে সেই সম্পৰ্কে তেওঁলোকৰ কথাত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে। এই বিষয়ে আপোনাৰ মতামত তলত কমেন্ট কৰি জনাব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.