জানক Tattoo ৰ কিছু কথা, অন্যথা ই পেলাব পাৰে বিপদত ,Tattoo বনাম ভাবিছে নেকি ?

five things to consider before getting a new tattoo

five things to consider before getting a new tattoo

টেটু(Tattoo) কৰাৰ সময়ত সংক্ৰমণ হোৱাৰ আশংকা থাকে। ইয়াৰ ফলত ছালৰ গুৰুতৰ সমস্যাও হ’ব পাৰে। গতিকে আগতীয়াকৈ কিছু সাৱধানতা অৱলম্বন কৰক!

কিছুমান সম্প্ৰদায়ে জীৱনৰ এটা বিশেষ পৰিঘটনাৰ স্মৃতিত শৰীৰৰ বিভিন্ন অংশত এই টেটুবোৰ বনাইছিল। কিন্তু সময়ৰ লগে লগে সেইটো সলনি হৈ গৈছে । টেটু(Tattoo) এতিয়া বৰ্তমান প্ৰজন্মৰ বাবে এক ‘ষ্টাইল ষ্টেটমেন্ট’। কোনোবাই প্ৰেমিক-প্ৰেমিকাৰ নামত টেটু কৰি আছে, কোনোবাই গোটেই শৰীৰটোক কেনভাছলৈ ৰূপান্তৰিত কৰিছে।

টেটু(Tattoo) কৰাটো আপোনাৰো এটা চখ আছে নেকি? কিন্তু আপুনি জানেনে যে টেটু(Tattoo) কৰাৰ আগত আৰু পিছত মানি চলিবলগীয়া কেইবাটাও নিয়ম আছে? আপুনি ক’ৰ পৰা টেটু(Tattoo) কৰে সেয়া অতি গুৰুত্বপূৰ্ণ। টেটু(Tattoo) কৰাৰ সময়ত সংক্ৰমণ হোৱাৰ আশংকা থাকে। ইয়াৰ ফলত ছালৰ গুৰুতৰ সমস্যাও হ’ব পাৰে। গতিকে কিছু সাৱধানতা অৱলম্বন কৰক!

১) শৰীৰৰ কোনো অংগত ঘাঁ হ'লে তাত টেটু(Tattoo) নকৰাই ভাল। বহুতে ঘাঁ ঢাকিবলৈ টেটু(Tattoo) কৰে। কিন্তু ই একেবাৰেই স্বাস্থ্যকৰ নহয়। টেটু(Tattoo) কৰা ব্যক্তিজনৰ পৰা জানি লওক, যিবোৰ ঠাইত টেটু(Tattoo) কৰিলে আপোনাৰ কোনো সমস্যা নহ’ব। তেনেকৈ শিৰাবোৰৰ অৱস্থান চাই টেটু(Tattoo) কৰা্টো ভাল।

২) বেজী লোৱাৰ সময়ত বেজীটো যেনেকৈ পৰীক্ষা কৰে, নতুন হয় নে নহয়, টেটুৰ ক্ষেত্ৰতো একেই অৱস্থা। কাৰণ যি বেজীৰে টেটু(Tattoo) বনাই আছে, নতুন নহ’লে তাৰ পৰা তেজৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা থাকে।

৩) যিবোৰ সঁজুলিৰে টেটু(Tattoo) কৰা হ’ব, সেইবোৰ আচলতে পৰিস্কাৰ হয়্নে ? সেইটোও জানিবলৈ চেষ্টা কৰক। টেটু(Tattoo) কৰা ঠাইখিনিৰ বিষয়ে অলপ গৱেষণা কৰক। প্ৰয়োজন হ’লে এই সকলোবোৰ ক্ষেত্ৰতে গ্ৰাহকৰ ৰেটিঙেও কাম কৰিব।

৪) মন কৰিব নাপাহৰিব যে টেটু(Tattoo) কৰা ব্যক্তিজনে টেটু(Tattoo) কৰাৰ সময়ত গ্লভছ পিন্ধিব লাগে। অন্যথা ব্যক্তিজনে বিভিন্ন ৰোগ বা সংক্ৰমণ বিয়পাব পাৰে।

৫) টেটু(Tattoo) কৰাৰ পিছত সেই ঠাইত বিশেষ ধৰণৰ ক্ৰীম বা ঔষধ দিয়া হয়। তাৰ বাবে টেটু(Tattoo) কৰা ব্যক্তিজনৰ পৰা জানি লওক তেওঁ কেনেধৰণৰ ক্ৰীম ব্যৱহাৰ কৰিছে। আচলতে সেইবোৰ ভাল মানদণ্ডৰ নেকি পৰীক্ষা কৰক।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.