এতিয়া স্বামী-স্ত্ৰীয়ে প্ৰতিমাহে পাব ১০ হাজাৰ টকাকৈ পেঞ্চন, ইয়াত তথ্যসমূহ চাওক:- আজি আমি অটল পেঞ্চন যোজনা সম্পৰ্কে আপোনালোকক কম । আপোনালোকক কওঁ যে অটল পেঞ্চন যোজনা ২০১৫ চনত অৰুণ জেটলীয়ে আনিছিল।উদ্দেশ্য হৈছে অসংগঠিত পৰিয়ালসমূহক শক্তিশালী আৰ্থিক সাহায্য প্ৰদান কৰা যাতে তেওঁলোকৰ জীৱন উন্নত কৰিব পৰা যায় আৰু তেওঁলোক আত্মনিৰ্ভৰশীল হ’ব পাৰে । ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে এই আঁচনিৰ সুবিধা ল’ব পাৰে, গতিকে আহক আমি এতিয়া ইয়াৰ বিষয়ে বিতংভাৱে বুজি লওঁ ।
পি এম(PM) অটল পেঞ্চন যোজনাৰ সুবিধা PM atal pension yojana
- এই পেঞ্চন আঁচনিৰ অধীনত গ্ৰাহকসকলক প্ৰতিমাহে নূন্যতম ১০০০ৰ পৰা ৫০০০ টকাৰ ভিতৰত মাহিলী পেঞ্চন দিয়া হয়।
- স্বামী-স্ত্ৰীৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব ।
- আয়কৰ আদায় নিদিয়া লোকসকলৰ বাবে এই আঁচনি ।
- কেন্দ্রীয় চৰকাৰেও গ্রাহকৰ বৰঙণিৰ ৫০% বা বছৰি ১০০০ টকা দিয়ে৷
- এই আঁচনিখনত ৬০ বছৰ বয়সৰ পিছত দম্পতীহালে মাহে ১০ হাজাৰ টকাৰ সামূহিক পেঞ্চনৰ সুবিধা লাভ কৰে।
অটল পেঞ্চন যোজনাৰ বাবে কেনেকৈ আবেদন কৰিব
- প্ৰথমতে আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব , যদি নাই, তেন্তে একাউণ্টটো খুলিব লাগিব ।
- ইয়াৰ পিছত আপুনি এই পেঞ্চন আঁচনিৰ আবেদন পত্ৰ ডাউনলোড কৰক।
- আবেদন পত্ৰখন ডাউনলোড কৰি প্ৰিন্ট কৰক।
- ইয়াৰ পিছত আবেদন পত্ৰ পূৰণ কৰক।
- ইয়াৰ লগতে আধাৰ কাৰ্ডৰ ফটোকপিও দিব লাগিব।
- লগতে মোবাইল নম্বৰটোও দিয়ক ।
- এতিয়া আপোনাৰ বেংকত জমা দিয়ক ।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews