সমন্বয় আৰু সম্প্ৰীতিৰ উৎসৱ ঈদ উল ফিতৰ
Eid Mubarak
চাওঁতে চাওঁতে আকৌ আহিল পালেহি হেপাহৰ উৎসৱ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মহামিলনৰ উৎসব ঈদ উল ফিতৰ বিশ্ববাসীৰ দুৱাৰডলিত। দীৰ্ঘ এটা বছৰ প্ৰতিক্ষাৰ অন্তত শান্তি, সমন্বয় আৰু ভাতৃত্ববোধৰ আশীষ লৈ ধৰাৰ বুকুলৈ আগমন ঘটিছে ঈদ উল ফিতৰৰ। সম্পুৰ্ণ এটা এমাহ উপবাসে থাকি ৰােজাৰ দৰে কঠিন (ব্ৰত) পালনৰ অন্তত পশ্চিম আকাশত কাঁচিজোনে ভুমুকি মৰাৰ লগে লগে ধৰাৰ বুকুলৈ নামি আহে ঈদ উল ফিতৰৰ শুভাগমনৰ বতৰা। আকাশৰ পশ্চিম তীৰত কাঁচিজোন প্ৰত্যক্ষ কৰি সমগ্র বিশ্বৰ ইছলামধৰ্মী আবাল বৃদ্ধ বনিতাকে ধৰি কণ কণ ল'ৰা-ছােৱালীবােৰে বাটলৈ ওলাই আহি আনন্দো-উল্লাসত মচগুল হৈ পৰে। সৰু-বৰ সকলােৰে মুখত বিৰিঙি উঠে আনন্দ-উছাহৰ হাঁহি।পৱিত্ৰ ঈদৰ ন-জোন দেখা পাই সকলোৱে নেদেখাজনৰ ওচৰত কৃতজ্ঞতা প্রকাশ কৰি দোৱা-মোনাজাত কৰে। আমিও ঈশ্বৰ-আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি সদৌটিলৈ পৱিত্ৰ ঈদ উল ফিতিৰৰ হিয়াভৰা প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইছলাম ধৰ্মাৱলম্বী সকলৰ এই মহা মিলনৰ উৎসৱে সকলো ধৰ্মাৱলম্বী লোকৰ মাজত একতা, বিশ্বাস আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় কৰক। সকলোধৰণৰ সন্ত্ৰাস, অশান্তি, অবিশ্বাস, অন্ধবিশ্বাস আৰু কুসংস্কাৰ নাশ কৰি শান্তি, মিলাপ্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰাত সকলোকে উৎসাহিত কৰক। মানৱীয় প্ৰমূল্যবোধৰ এখন সুন্দৰ, সুশৃংখল মানৱ সমাজ গঢ়ি তোলাৰ বাৰ্তা বিয়পাই দিয়ক, তাৰেই কামনা কৰিছে ৰাজ্যবাসীয়ে
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)