বহুতেই নাজানে এই শাক-পাছলিৰ নাম, চিনিয়ে নাপায় শাক-পাছলি Name of vegetables


Name of vegetables

গৰু বিহুৰ দিনা এশ এবিধ শাক-পাছলি একেলগে তৰকাৰী কৰি গ্ৰহণ কৰে। অৱশ্যে অসমৰ বহু ঠাইত সাতবিহুৰ দিনাহে এই প্ৰথা প্ৰচলিত হয়। এই ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন শাক-পাছলিৰ নাম দিয়া হ’ল। আজিকালি সকলো শাক-পাচলি বিচাৰি নাপাই যদিও কিছুমান এতিয়াও পোৱা যায়। সেইবোৰৰ ভিতৰত 

১) অমিতাফুল

২) অমৰা ফুল

৩) অশোক ফুল

৪) আৰফুল

৫) আমৰ মল

৬) আনাৰসৰ কোঁহ

৭) আলুগুটিৰ পাত

৮) আদাপাত

৯) আগেজলা

১০) ওলকচুপাত

১১) ওলকবি পাত

১২) কঁঠালৰ মুচি

১৩) কেঁহেৰাজ শাক

১৪) কচুশাক

১৫) কুঁহিয়াৰ পাতৰ     আগ

১৬) কুকুৰাঠেঙীয়া

১৭) কোৱাভাতুৰি

১৮) কেঞাবন

১৯) কাচিপকা

২০) কাঁছকল পাত

২১) কাঠ আলু পাত

২২) কৰ্দৈ পাত

২৩) কলমৌ শাক

২৪) কুহিলা পাত

২৫) কলপচলা

২৬) কোমোৰা পাত

২৭) কেৰেলা পাত

২৮) খুতৰা শাক

২৯) গাখীৰতী

৩০) গাজৰ পাত

৩১) গৰুখিচ

৩২) চুকাশাক

৩৩) চজিনা পাত

৩৪) চালকুঁৱৰী আগ

৩৫) চিৰতা পাত

৩৬) চয়াবিন পাত

৩৭) জিলমিল শাক

৩৮) জেতুলীপকা পাত

৩৯) জালুকপাত

৪০) জলকীয়া পাত

৪১) জবাফুল

৪২) জ্যেষ্ঠমধু পাত

৪৩) জৱেত্ৰী

৪৪) জাতিলাউ পাত

৪৫) জিকা পাত

৪৬) টিকনি বৰুৱা

৪৭) টুপুৰী লতা

৪৮) টেঙামৰা

৪৯) টেঙেচি টেঙা

৫০) তিতাফুল

৫১) তিল পাত

৫২) তুলসী

৫৩) তিঁয়হ পাত

৫৪) থেকেৰা পাত

৫৫) থেৰেজু পাত

৫৬) দাংবদি

৫৭) দোৰোণশাক

৫৮) সোণবৰীয়াল

৫৯) দুপৰটেঙা

৬০) ধুন্দুলি পাত

৬১) ধতুৰা

৬২) ধনিয়া

৬৩) ঢেকীয়াশাক

৬৪) নৰসিংহ

৬৫) নহৰু পাত

৬৬) নেফাফু

৬৭) নুনি পাত

৬৮) নিলাজী বন

৬৯) পিৰালি পালেং

৭০) পিঁয়াজপাত

৭১) পদিনা

৭২) পিৰালি কুঁৱৰী

৭৩) পটল পাত

৭৪) পালেং

৭৫) পুৰৈশাক

৭৬) পনৌনৌৱা

৭৭) পচতীয়া

৭৮) পিপলি

৭৯) ব্ৰাহ্মীশাক

৮০) বিলাহী পাত

৮১) বন্ধাকবি

৮২) বনজালুক

৮৩) বেতগাজ পাত

৮৪) বেঙেনা পাত

৮৫) বৰথেকেৰা পাত

৮৬) বিহলঙনি

৮৭) বকফুল

৮৮) বৰমানিমুনি

৮৯) বৰবৰীয়াল

৯০) বৃন্দাবন

৯১) বহমথুৰি

৯২) বিশল্যকৰণি

৯৩) ভেদাইলতা

৯৪) ভাঙৰ আগ

৯৫) ভৃঙ্গৰাজ

৯৬) ভেকুৰি তিতা

৯৭) ভেটফুল

৯৮) মাটিকাঁদুৰি

৯৯) সৰু মানিমুনি

১০০) মহানিম

১০১) মচন্দৰী

১০২) মানধনিয়া

১০২) মৰলীয়া পাত

১০৩) মৰিচা

১০৪) মেথিশাক

১০৫) মেটেকা

১০৬) মৰাপাট

১০৭) মধুৰী আম পাত

১০৮) মধুসোলেং

১০৯) মূলাশাক

১১০) ৰঙালাউ আগ

১১১) লফাশাক

১১২) লাইজাবৰী

১১৩) লাইশাক

১১৪) শেৱালি ফুল

১১৫) সৰিয়হ শাক

১১৬) শুকলতি

১১৭) হাতীখুতৰা

১১৮) হেলচী শাক ইত্যাদি।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.