যৌন কেলেংকাৰীৰত অভিযুক্ত ADP college ৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন
যৌন কেলেংকাৰীৰ অভিযুক্ত ADP college ৰ অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতীক চাকৰিৰ পৰা নিলম্বন ।
অভিযোগ অনুসৰি কলেজৰে অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ পাছতে নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেঁকীয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতীক তৎকালীনভাৱে নিলম্বন কৰা হৈছে।
তেওঁৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ দুগৰাকী অধ্যাপিকাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰি নগাওঁ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
জানিব পৰা মতে, মহাবিদ্যালয়খনৰ হাৰ্বেল চায়েঞ্চ এণ্ড টেকন’লোজি বিভাগৰ এগৰাকী অস্থায়ী অধ্যাপিকাই অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত 430/22 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 354A, 376, 511 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি আদালতৰ দ্বাৰস্থ কৰে ।
অভিযোগ মতে মহিলা অধ্যাপিকা গৰাকীক অধ্যক্ষ গৰাকীয়ে অশালীন ইংগিত দিয়াৰ লগতে মানসিক নিৰ্যাতন চলাইছিল ।

