বন্ধ হ'ল চৰকাৰ এখন আঁচনি : চৰকাৰৰ পৰা নাপাব ২ লাখ ৫০ হাজাৰ টকা

বন্ধ হ'ল চৰকাৰ এখন আঁচনি



বিধৱা মহিলাসকল এতিয়াৰে পৰা বিমুখ হ'ব এই আঁচনিৰ পৰা । চৰকাৰৰ পৰা নাপাব ২ লাখ ৫০ হাজাৰ টকা । কভিডৰ বাবে মুকলি কৰিছিল এই আঁচনি । কভিডত স্বামীৰ মৃত্যু হলে পত্নীয়ে পাইছিল নগদ ২ লাখ ৫০ হাজাৰ টকা । কভিডত স্বামীহাৰা মহিলাক ৰাজ্য চৰকাৰে দিছিল এই ৰাজসাহাজ্য । কিন্তু এতিয়াৰে পৰা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিলে এই অভিলাষী আঁচনি । ৰাজ্য চৰকাৰৰ আনুষ্ঠানিক ঘোষনাৰ পিছতেই এতিয়া বিধবা মহিলাৰ মাজত হাহাকাৰ । ছচিয়েল মেডিয়াত এজনে লিখিছে : 

শিক্ষা বৃদ্ধ বিকালঙ্গ আৰু কেওঁ-কিছু নোহোৱা অতি দৰিদ্ৰ লোক সকলৰ আঁচনিৰ বাহিৰে  বাকী সকলো আঁচনি বন্ধ কৰি দিয়ক পৰ্য্যায় ক্ৰমে।তেতিয়া হলে চৰকাৰৰ ৰাজহ বাঢ়িব আৰু কল্যাণকামী আঁচনিত বিনোয়োগ কৰিবলৈ সুবিধা হব। লগতে নিবনুৱা যুৱক সকলৰ কৰ্মৰ প্ৰতি আকৰ্ষিত হব। বিনামূলীয়া আঁচনি দেশৰ প্ৰগতিৰ বাহক কেতিয়াওঁ হব নোৱাৰে। ই মানুহকএলেহুৱা কৰি কৰ্ম বিমুখ কৰি তোলে।ইয়াৰ লগে লগে দেশ প্ৰগতিৰ পথত নহয় অধোন্নতিৰ দিশতহে গতি কৰে। শিক্ষিত আৰু জনা মানুহে এই কথা ভালদৰে বুজি পায়। সেই কাৰণে চৰকাৰৰ প্ৰথম পদক্ষেপ হব লাগে  মানুহক শিক্ষিত কৰি তোলাৰ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.