সৌন্দৰ্য প্ৰতিযোগিতাত MISS TEEN ASSAM খিতাপেৰে জিলিকিল টীয়কৰ জীয়ৰী শ্ৰেষ্ঠা
LITTLE DIVA MISS ASSAM SEASON-3TEOK:ৰঙালীৰ উচাহৰ মাজতে এটা ভাল খবৰ।ৰাজ্যিক পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা MISS TEEN ASSAM ত শ্ৰেষ্ঠ খিতাপেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে শ্ৰেষ্ঠা সুধা মহন্তই।হয়,অলপতে স্পাৰ্কে গুৱাহাটী মহানগৰীত আয়োজন কৰা উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি টীয়কৰ বামুণপুখৰী খাৰঘৰীয়া গাঁৱৰ প্ৰাঞ্জল মহন্ত আৰু নৱনীতা মহন্তৰ একমাত্ৰ কন্যা অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰেষ্ঠাই অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰতিযোগীৰ মাজৰ পৰা শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও শ্ৰেষ্ঠাই নিজ পাৰদৰ্শিতাৰে LITTLE DIVA MISS ASSAM SEASON-3 প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্চআপৰ খিতাপ দখল কৰিছিল।
বামুণপুখুৰীৰ দৰে অঞ্চলৰ পৰা গৈ ৰাজ্যিক পৰ্যায়ৰ এনে জনপ্ৰিয় সৌন্দৰ্য প্ৰতিযোগিতাত উদিয়মান ছাত্ৰীগৰাকীয়ে দেখুওৱা পাৰদৰ্শিতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে।ইপিনে এই খিতাপ লাভ কৰি ছাত্ৰীগৰাকী আৰু অধিক মনোযোগেৰে পঢ়াৰ সমান্তৰালকৈ সৌন্দৰ্য চৰ্চাত ব্যস্ত হৈ পৰিছে। সৌন্দৰ্যৰ এই মায়াময় জগতত শ্ৰেষ্ঠা যেন আৰু আগুৱাই যাওক এতিয়া সকলোৱে তাকে কামনা কৰিছে।
টীয়কৰ পৰা বিৰাজ বৰা