কীৰ্তনৰ নামত এইয়া কি ? ! যুৱতীগৰাকীয়ে ভাইৰেল হবলৈ গৈ কিয় কৰিলে এই কাণ্ড ?
viral video kirtan or break dance questions after watching the viral video
হৰিনাম সংকীৰ্তন আমাৰ ৰাজ্যৰ এটা অতি জনপ্ৰিয় ও আধ্যত্মিক অনুষ্ঠান। ঈশ্বৰৰ নাম আৰু গীত গোৱাৰ উদ্দেশ্যে গাওঁ চহৰ ৰ প্ৰতিটো কোণত এই কীৰ্তন অনুষ্ঠিত কৰা হয়। হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত এনে অনুষ্ঠানবোৰ অনুষ্ঠিত হয় । কীৰ্তন, গীত, ভজনৰ লগতে অনুষ্ঠানবোৰ বিভিন্ন ভক্তিমূলক উপায়েৰে পৰিৱেশন কৰা হয়।
অৱশ্যে, আজিৰ পৰিৱৰ্তনৰ যুগত, সকলোবোৰ যেন কেৱল মনোৰঞ্জনৰ বাবেহে হৈছে। ধৰ্মীয় অনুষ্ঠানবোৰতো এইটো ক্ৰমান্বয়ে স্পষ্ট হৈ আহিছে। বলীউডৰ গান হওঁক বা নৃত্যৰ ছন্দহওঁক, এই সকলোবোৰৰ প্ৰত্যক্ষ প্ৰভাৱ হৰিনাম সংকীৰ্তনতো দেখা গৈছে।
শেহতীয়াকৈ, দক্ষিণ তাৰকা আল্লু অৰ্জুন অভিনীত ছবি "পুষ্পা"ৰ জনপ্ৰিয় গান "স্ৰিভালী"ৰ সুৰ অনুকৰণ কৰি কৃষ্ণৰ নামৰ এটা ভিডিঅ' ইনটাৰনেটত ভাইৰেল হৈ পৰিছিল। য'ত দেখা গৈছিল যে সুৰৰ লগতে নায়কৰ নৃত্য আৰু শৈলীও কিছুমান লোকে চিত্ৰিত কৰিছিল। বহুতে ইতিমধ্যে ভিডিঅ'টো দেখিছে। তাৰ পিছতেই সমাজ প্ৰিয় লোকৰ পৰা বহুতো প্ৰতিক্ৰিয়া আহিছে।
কিন্তু এইবাৰ অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি ঘটিল। আন এটা ভাইৰেল ভিডিঅ'ত দেখা গৈছে যে পুৰুলিয়াৰ (a bengoli song) এটা জনপ্ৰিয় গানৰ সুৰত হৰিনাম সংকীৰ্তনৰ অনুষ্ঠানৰ মাজতে কেইবাগৰাকী মহিলাই নৃত্য কৰি আছে। গীতৰ তালে তালে উদণ্ড নৃত্য ।
সচাকৈ উচিত নে এনে নৃত্য ? প্ৰয়োজন আছিল নে কীৰ্তনত এনে নৃত্যৰ ? এনে কাৰ্যৰ বিৰোধীতা কিয় নকৰে তাত বহি চাই থকা লোক সকলে ? হৰি নাম কীৰ্তনৰ নামত এই বহুৱালী কিয় ?
ভিডিঅ'টো ইতিমধ্যে ফেচবুকত ২০,০০,০০০ তকৈও অধিক লোকে চাইছে। বহুতে ভিডিঅ'টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সকলোৱে প্ৰশ্ন কৰিছে যে এইটো কীৰ্তন নে ব্ৰেক ডান্স। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, বেছিভাগ লোকে এইটোও অনুভৱ কৰে যে ধৰ্মীয় অনুষ্ঠানৰ মাজত ওলাই অহা এনে ভিডিঅ'বোৰে সামাজিক অৱনতি ঘটাইছে। এক কথাত, ভিডিঅ'টো দেখি সকলোৱে হতবাক হৈ পৰিছিল।