IPS Anand Mishra: অৱশেষত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলিৰ নিৰ্দেশ ।
বদলি কৰা হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া আনন্দ মিশ্ৰক (Nagaon SP Anand Mishra )। বিগত সময়চোৱাত নগাঁৱত SP হিচাপে দায়িত্ব ভাৰ লোৱাৰে পৰাই ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে বহু নামি দামী অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল SP Anand Mishra ই । যোৱা ২২ জানুৱাৰীত হোৱা এটা এনকাউণ্টাৰৰ ঘটনাক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল SP Anand Mishra। কীৰ্তিকমল বৰা নামৰ ছাত্ৰনেতা গৰাকী এণ্টি নাৰ্ক'টিক স্কোৱাডৰ বিষয়া প্ৰদীপ বণিয়াৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাৰ পিছতেই আন্দোলন হৈছিল সৰ্বত্তে । মানি লব পৰা নাছিল কীৰ্তিকমল বৰা নামৰ ছাত্ৰনেতা গৰাকী দোষী বুলি । বহু আন্দোলন আৰু বিতৰ্কৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক তদন্তৰ দায়িত্ব দি এখন কমিটি গঠন কৰি দিছিল। এই কমিটিয়ে প্ৰতিবেদন দাখিল কৰাত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক'টিক স্কোৱাডক দোষী স্যবস্ত কৰা হৈছিল। তাৰ পিছতেই প্ৰদীপ বণিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগ কৰি প্ৰতিজন সদস্যকে বদলিৰ নিৰ্দেশ দিয়া হৈছিল।
এই ঘটনাৰ পিছতেই নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ (SP Anand Mishra) ওপৰত ৰাজ্যৰ বহু বিৰোধী ৰাজনৈতিক নেতাই শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী তুলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰাৰ নিৰ্দেশ জাৰি কৰে ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীক জৰুৰীকালীনভাৱে বদলি কৰা হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ। অৱশ্যে আনন্দ মিশ্ৰক কিয় বদলি কৰা হ'ল সেই বিষয়ে অসম আৰক্ষীৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই। কিন্তু SP Anand Mishra বদলিৰ বাবে বহু অপৰাধীয়ে ভাল পালেও বহু সমাজ প্ৰেমীয়ে মানি লব পৰা নাই । ড্ৰাগছ বিৰুদ্ধে চলোৱা এই অভিযান যেন ঠমকি ৰৈ গ’ল নগাওত । আপোনালোকৰ মতামত জনাবচোন ।
টাইমছ গুৱাহাটীৰ বাতৰি পঢ়ি থকাৰ বাবে বহুত বহুত ধন্যবাদ
নগাওতে থাকিব লাগিছিল
ReplyDelete