লামডিঙ ৰেল আৰক্ষীৰ অভিযানত বৃহত পৰিমাণৰ গাঞ্জা জব্দ
লামডিঙ ৰেল আৰক্ষীৰ বৃহত সফলতা। লামডিঙ জি আৰ পি (G R P)আৰু আৰ পি এফৰ যৌথ অভিযানত বৃহত পৰিমাণৰ গাঞ্জা খিনি জব্দ কৰে। নামনিমুৱা আগৰতলা শিয়ালদা 13174 নং ট্ৰেইনত লৈ যোৱাৰ সময়ত ট্ৰেইনৰ বাটৰুমৰ পৰা 30 KG গাঞ্জা ৰেল আৰক্ষীয়ে জব্দ কৰে। জব্দকিত গাঞ্জা খিনিৰ আনুমানিক বজাৰ মূল্য তিনি লাখ টকা হব বুলি জনাই ৰেল আৰক্ষীয়ে ।
ঘটনা সংক্ৰান্তত এতিয়ালৈ কোনো মানুহক আটক কৰা নাই ৰেল আৰক্ষীয়ে।