দাৰে আঙুলি কাটি পেলালে বাবুল হকৰ
মিকিৰভেটা আৰক্ষী বৃহৎ সফলতা । পলাতক দুই অপৰাধীক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ । খবৰ অনুসৰি মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত খলপীয়াৰ নিবাসী বাবুল হক নামৰ ব্যক্তি জনৰ লগত ওচৰৰে ইছৰাফুল আলম আৰু ইছাহক আলীৰ মাটি বাৰিৰ সংক্ৰান্ততেই কাজিয়া হয় । কাজিয়া ইমানেই বৃদ্ধি পাইছিল যে খংত বাবুল হকৰ হাতৰ কেইবাটাও আঙুলি কাটি পেলায় । লগে লগে স্থানীয় লোকে বাবুল হকক চিকিৎসালয়ত ভৰ্তি কৰে পিছত এই সন্দৰ্ভত মিকিৰভেটা থানাত বাবুল হকে অভিযুক্ত ব্যক্তি দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । উক্ত ঘটনা সন্দৰ্ভত Mikirbheta PS 84/21 নম্বৰত গোচৰ ৰুজু কৰি পলাতক দুই অভিযুক্ত ইছৰাফুল আলম আৰু ইছাহক আলীক গ্ৰেপ্তাৰ কৰে । Under section 447/326/307/34 ধাৰাত গোচৰ ৰুজু কৰি বুধবাৰে দুই অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।