" ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষনা Assam government imposes night curfew from Sunday amid Omicron scare

ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষনা Assam government imposes night curfew from Sunday amid Omicron scare

 

Assam government imposes night curfew from Sunday amid Omicron scare

ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষনা

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে এই নতুন SOP

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল সম্বোধি অসমৰ বাবে ঘোষণা কৰিলে নতুন SOP।

দেশত ক'ৰোনাৰ ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱালৈ চাই ৰাজ্যত ঘোষণা কৰা হৈছে এই নতুন SOP। 

Assam government imposes night curfew from Sunday amid Omicron scare

অৱশ্যে ৰাজ্যখনত এতিয়ালৈকে কোনো এজন লোক কোভিড-১৯'ৰ নতুন অ'মিক্ৰণত আক্ৰান্ত হোৱাৰ তথ্য অহা নাই যদিওঁ সতৰ্কতামূলক ব্যৱস্থা হিচাপে আগতিয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নতুন SOP অনুসৰি ২৬ ডিচেম্বৰৰ পৰা নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰযোজ্য হ'ব নৈশ সান্ধ্য আইন। তদুপৰি নতুন SOP'ৰ জৰিয়তে ৰাজ্যবাসীয়ে মানিব লাগিব কেতবোৰ নিয়মঃ

যেনে,-২৬ ডিচেম্বৰৰ পৰা নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন

অৱশ্যে ৩১ ডিচেম্বৰৰ দিনটো ৰেহাই দিয়া হৈছে কাৰ্ফিউৰ পৰা।

নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল ধাবা।

চিনেমা হল, হোটেলত অনুমতি প্ৰদান কৰা হৈছে মাত্ৰ ৫০ শতাংশ লোকক। দুপালি ভেকচিন লোৱা লোককহে অনুমতি চিনেমা হলত।

মাস্ক নিপিন্ধা লোকৰ ওপৰত ২৬ ডিচেম্বৰৰ পৰা অভিযান আৰম্ভ, ভৰিব লাগিব জৰিমনা।

সভা-সমিতিত কেৱল ৫০ শতাংশ লোকৰ বাবেহে আসন থাকিব।

শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বতে জাৰি কৰা নিয়মেই বাহাল থাকিব।

ধৰ্মীয় অনুষ্ঠানসমূহত এঘণ্টাত মাত্ৰ ৬০জন ভক্তৰ প্ৰৱেশৰ অনুমতি দিয়া হৈছে SOP'ত।

ইফালে এসপ্তাহৰ ভিতৰত সকলো হাস্পতালক সাজু হ'বলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

কৰোনা মহামাৰীৰ নতুন অ'মিক্ৰণক লৈ চৰকাৰে সম্ভৱতঃ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে।—

জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট

Post a Comment

Previous Post Next Post

People Like