ছচিয়েল মিডিয়াত অশ্লীল পোষ্ট ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ সন্দৰ্ভত
অৱশেষত বিষয়টোৰ সন্দৰ্ভত মুখ খুলিছে জ্ঞানশ্ৰী বৰাই। ৰাইজৰ দলৰ যুৱ নেত্ৰীগৰাকী এইবাৰ কাষ চাপিল প্ৰশাসনৰ। ছচিয়েল মিডিয়াত ৰাইজৰ দলৰ মুখপাত্ৰ তথা যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰাকলৈ অশ্লীল পোষ্ট। বিজেপিৰ IT চেলৰ এজন সদস্যই নেত্ৰীগৰাকীৰ সন্দৰ্ভত অশ্লীল পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগ কৰিছে। ঘটনাৰ সন্দৰ্ভত জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ নেতৃত্ব দিয়া জ্ঞানশ্ৰী বৰা । সকলোৱে একেমুখে ধিক্কাৰ দিছে ৰঞ্জন কুমাৰ বৰা নামৰ IT চেলৰ কৰ্মীজনৰ এনে অশ্লীল মন্তব্যক।
নেত্ৰীগৰাকীয়ে বিজেপিৰ IT চেলক প্ৰত্যাহ্বান জনাই কৈছে যে, 'নাৰী কেৱল সতী নহয় সময়ত কালী বা দুর্গাৰো ৰূপ ধাৰণ কৰে। প্ৰয়োজন হ'লে কালী বা দুর্গাৰো ৰূপ ধাৰণ কৰিম। নাৰী সমাজৰ কথা কোৱা বিজেপি আই টি চেলে কেৱল জ্ঞানশ্রী বৰাকে নহয় সমগ্র নাৰী সমাজকে অপমান কৰিছে।'
বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত অন্যায় অনিয়মৰ বিৰুদ্ধে মাত মাতি অহা জ্ঞানশ্ৰী বৰা বৰ্তমান সৰ্বত্ৰ চৰ্চিত। শেহতীয়াকৈ জ্ঞানশ্ৰী বৰাই থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপিৰ নেতা-কৰ্মীয়েও সুযোগ পালেই আক্ৰমণৰ লক্ষ্য কৰি লৈছে যুৱনেত্ৰী গৰাকীক। কিন্তু এই আক্ৰমণক কোনো কেৰেপ নকৰাকৈ নিৰ্বাচনৰ বাবে আগবাঢ়িছে জ্ঞানশ্ৰী বৰা ।