বজাৰত বিক্রীৰ বাবে উপলব্ধ হৈছে ওকণি
আজি কালি বজাৰত কিনিবলৈ নোপোৱা বস্তু একো নাই । গৰুৰ গোৱৰৰ পৰা পেলনীয়া সৰা চুলিলৈকে সকলো বিক্রী হয় বজাৰত । আজি আমি আলোচনা কৰিম বজাৰত বিক্রীৰ বাবে উপলব্ধ হোৱা এনে এক সামগ্রীৰ যাৰ কথা আপুনি সপোনতো কল্পনা কৰিব পৰা নাছিল। বজাৰত বিক্রী হ'বলৈ ধৰা সেই আচৰিত বস্তুবিধৰ নাম হৈছে ওকণি। হয় আপুনি ঠিকেই শুনিছে, যাৰ নাম শুনিলেই আমাৰ মনত ঘৃণাৰ ভাৱ জন্মে সেই ওকণি বজাৰত এতিয়া বিক্রীৰ বাবে হৈছে উপলব্ধ।
ওকণি হৈছে মহিলা সকলৰ এক এৰাব নোৱাৰা সমস্যা যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু মহিলাই বছৰি খৰচ কৰিবলগীয়া হয় বহু ধন। আনহাতে এই ওকণি পোহ পাল দিবলৈ সাজু হৈছে একাংশ মহিলাই। ওকণি বিক্রী হোৱা ঘটনাটো সংঘটিত হৈছে ডুবাইত। তাত থকা কিছুসংখ্যক ব্যক্তিয়ে বিশ্বাস কৰে যে ওকণিয়ে চুলি মজবুত ৰখাৰ ওপৰিও চুলি সৰাতো বাধা প্ৰদান কৰে। ডুবাইৰ মানুহৰ মাজত থকা এই বিশ্বাসৰ ফলতে ডুবাইত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ওকণিৰ ব্যৱসায়। ডুবাইৰ বজাৰত এটা ওকণিৰ মূল্য ১৪ দেৰহাম, যাৰ ভাৰতীয় মূল্য হ'ব প্ৰায় ৩০০ টকা । ওকণিৰ ব্যৱসায়ত হোৱা লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ডুবাইৰ চেলুন সমূহতো উপলব্ধ হৈছে এই ওকণি। ডুবাইৰ প্ৰশাসনে উকণিৰ ব্যৱসায়ৰ কথা জানিব পৰাৰ পিছতেই ইয়াক বেআইনি বুলি ঘোষণা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰিছে । ডুবাইত বৃদ্ধি পাবলৈ ধৰা ওকনিৰ ব্যৱসায় বৰ্তমান স্তব্ধ হৈ পৰিছে। কিন্তু যি সকলে ওকণিক চুলিৰ সমস্যা নিবাৰক হিচাপে বাচি লৈছে, তেওঁলোকে ভৱিষ্যতে ইয়াৰ দ্বাৰা সমস্যাতহে পৰে নেকি সেয়া হ'ব লক্ষ্যণীয়।
By Prasenjit Chakraborty