বিশ্বৰ ৮ জোপা উচ্চতম গছ : 8 tallest trees in the world
গছে প্ৰকৃতিৰ সৌন্দৰ্যক সৰ্বোচ্চ স্থান দিছে। গছ-গছনিৰে ভৰপূৰ প্ৰকৃতিৰ অনন্য সৌন্দৰ্যই জন্ম দিয়ে কবি, গীতিকাৰ, সাহিত্যিক আদি। প্ৰকৃতিৰ সৌন্দৰ্য আপোনাৰ সপোনৰ ঘৰটো বা বিলাসী গাড়ীখনতকৈ বহুত বেছি, নহয় জানো।পিছে এই প্ৰকৃতিত কিছুমান গছ আছে যাৰ উচ্চতাই আপোনাক বিশেষ অনুভৱ দিব।তেনে গছবোৰৰ বিষয়ে আপোনাৰ জানিবৰ মন নাযায়নে? তেনেহ'লে আজি তেনে আঠজোপা গছৰ বিষয়ে জানো আহক যি বিশ্বৰ উচ্চতম গছৰ তালিকাত স্থান পাইছে।
১। হাইপেৰিঅধ (Hyperion)
এইজোপা গছ কেলিফোৰ্ণিয়াৰ ৰেডউড নেশ্যনেল পাৰ্কৰ ভূমিত আছে যাক ২০০৬ চনতেই আবিষ্কাৰ কৰা হৈছিল।আচৰিত কথাটো হ'ল, এই গছজোপাৰ উচ্চতা ৩৮০.১ ফুট। এই গছজোপা ইমান ওখ যে মাটিৰপৰা ইয়াৰ আগটো দেখা পাব নোৱাৰি।
২। ছেন্টুৰিয়ন (Centurion)
এই গছজোপা অষ্ট্ৰেলিয়াৰ টাজমেনিয়াৰ Arve Valley ত আছে। পিছে ইয়াৰ উচ্চতাই সকলোকে চমক দিয়ে। ইয়াৰ উচ্চতা ৩২৭.৫ ফুট।
৩। দ'ৰ্নাৰ ফাৰ (Doerner Fir)
এজোপা অদ্ভূত গছ।এই গছজোপা অষ্ট্ৰেলিয়াৰ কূয কাউন্টিৰ ব্যূৰু অৱ লেণ্ড মেনেজমেন্ট হাবিত আছে যাৰ উচ্চতা ১৯৯১ চনত ৩২৯ ফুট আছিল। কিন্তু বিশেষ কাৰণত ইয়াৰ উচ্চতা দুফুট কমি যায়। ২০০৮ চনত লোৱা জোখ অনুসৰি ইয়াৰ উচ্চতা ৩২৭ ফুট ।
৪। ৰেইভেনচ টাৱাৰ (Raven's Tower)
এইগছজোপা কেলিফোৰ্ণিৰা প্ৰেয়াৰি ক্ৰীক ৰেডউডয ষ্টে'ট পাৰ্কতৰ ভূমিত আছে। এই গছজোপাৰ উচ্চতাই সকলোকে চমক দিয়ে।ইয়াৰ উচ্চতা ৩১৭ ফুট।
৫। আননেইমদ জায়েন্ট (Unnamed Giant)
কেলিফোৰ্ণিয়াৰ ছেক্ৱইয়া নেশ্যনেল ফৰেষ্টৰ ভূমিত এই গছজোপা পোৱা যায়। এই গছজোপাৰ ব্যাস প্ৰায় ৩৫ ফুট। ইয়াৰ উচ্চতা ৩১৪ ফুট।
কি যে প্ৰকৃতিৰ সৃষ্টি!
৬। য়েলো মেৰান্টি (Yellow Meranti)
মালায়েছিয়াৰ ডেনাম ভেলি কনছাৰভেইশ্যন এৰিয়াত এই গছজোপা পোৱা যায়। ইয়াৰ উচ্চতা ৩০৯ ফুট। এইগছৰ আগটো তলৰপৰা দেখা পোৱাটো অসম্ভৱ।
৭। ৱাইট নাইট (White Night)
এই গছজোপা অষ্ট্ৰেলিয়াৰ টাযমেনিয়াৰ এভাৰক্ৰীচ্চ ফৰেষ্ট ৰিজাৰ্ভত পোৱা যায়। এই গছজোপাৰ উচ্চতা ৩০১ ফুট অৰ্থাৎ ৯২ মিটাৰ।
৮। নীমিনাহ লোগোৰে'ল (Neeminah Loggorale)
অষ্ট্ৰেলিয়াৰ টাযমেনিয়াত এই গছজোপা পোৱা যায়। ইয়াৰ উচ্চতা ২৯৮ ফুট।
এয়াই প্ৰকৃতি, যাৰ আছে অতুলনীয়তা।এই প্ৰকৃতিয়েই আমাক জীয়াই ৰাখিছে। পিছে ইয়াৰ কিছুমান অংশ অত্যন্ত অদ্ভুত।