আপুনি ভাৰতৰ এনেকুৱা এখন গাঁৱৰ কথা জানেনে, যিখন গাঁৱত বোৱাৰীক কোঠাত বন্দী কৰি ৰখা হয়, তেওঁলোকে খাদ্য আৰু কাপোৰ একোয়ে নাপায়। আহক আজি আমি ইয়াৰ বিষয়ে জানো ।
দেশ আৰু বিদেশত বহুতো প্ৰথা আছে যাৰ বাবে মানুহে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কিছুমান প্ৰথা ইমান আচৰিত যে সেইবোৰৰ বিষয়ে চিন্তা কৰিলে হৃদয় ভাঙি যায়। কিন্তু এই সকলোবোৰৰ স্বত্বেও, আজিও মানুহে এই প্ৰথাবোৰ অনুসৰণ কৰিবলৈ বাধ্য হৈছে। হিমাচল প্ৰদেশৰ এখন গাঁৱত তেনেকুৱাই কিবা এটা আছে। হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাত পিনি নামৰ এখন গাওঁ আছে। তাত প্ৰচলিত যে ঘৰৰ বোৱাৰীক এটা নিৰ্দিষ্ট সময়ত পাঁচ দিনৰ বাবে এটা পৃথক কোঠাত বন্দী কৰি ৰখা হয়। তাই সেই সময়ত কাপোৰ অবিহনে আৰু খাদ্য অবিহনে থাকিব লাগে। সেই সময়ত তাই নিজৰ স্বামীৰ সৈতেও কথা পাতিব নোৱাৰে আৰু হাঁহি ধেমালি কৰাটো বাধা আৰোপ কৰা হয়।
এই পাঁচদিনত গাওঁখনত কোনোধৰণৰ উৎসৱ উদযাপন কৰা নহয়। কোনো ধৰণৰ নিচাযুক্ত বস্তু সেৱন কৰা নহয়। এই প্ৰথাটো বহুত পুৰণি বুলিও কোৱা হয়। গাওঁবাসীয়ে কয় যে বোৱাৰীয়ে এনে কৰিলে ঘৰখনলৈ সুখ আহে। পাৰিবাৰিক সম্পৰ্কত শান্তি বিৰাজ হৈ থাকে। এই প্ৰথাটো স্বীকৃত কৰা হৈছে যে এই সময়ত স্বামী আৰু পত্নী ওচৰলৈ আহিব নালাগে। যদি এনে হয় তেন্তে ই এক অশুভ লক্ষণ হয়। এই সময়ত মহিলাসকলে ঊণেৰে বনোৱা উলৰ কাপোৰ উৰি থাকে। যদিও এই পৰম্পৰাৰ কোনো লিখিত প্ৰমাণ নাই, কিন্তু এইটো স্বীকৃত যে লাহুয়া গণ্ড দেৱতাসকলে পিনিত উপস্থিত হৈছিল আৰু ৰাক্ষসসকলক হত্যা কৰিছিল। এই প্ৰথাটো কেৱল সেই বৰ্ণনাৰ অনুসৰণ ত হে বিশ্বাস কৰা হয়।
By-Ankur Nath