আপুনি বাৰু কেতিয়াবা মানুহে ৰক্তপান কৰাৰ কথা শুনিছে নে ? জানিবৰ বাবে এই খবৰটি পঢ়ক।
আপুনি হয়তো কিতাপত ভেম্পায়াৰৰ কাহিনী পঢ়িছে বা সেইবোৰ চলচ্চিত্ৰত দেখিছে, কিন্তু আপুনি জানেনে যে বাস্তৱ জীৱনতো ভেম্পায়াৰ আছে । আপোনাক কওঁ যে এই ভেম্পায়াৰে ল'ৰাৰ তেজ খাবলৈ ভাল পায়।
বিশ্বই অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত থকা 38 বছৰীয়া জৰ্জিয়া কণ্ডনক বাস্তৱ জীৱনৰ ভেম্পায়াৰ হিচাপে জানে। ইয়াৰ কাৰণ হ'ল তাই তেজ নোখোৱাকৈ জীয়াই থাকিব নোৱাৰে। যেতিয়া জৰ্জিয়াৰ বয়স 12 বছৰ আছিল, তেতিয়া তাই প্ৰথমবাৰৰ বাবে মানুহৰ তেজৰ সোৱাদ লৈছিল। তাৰ পিছত, তাইৰ তেজ পান কৰাৰ আকাংক্ষা আৰু বৃদ্ধি পাইছিল।
17 বয়সত তাই এনে এজন বন্ধু বিচাৰি পাইছিল যিয়ে তাইক কেইবাদিনো তেজ খুৱাইছিল। কিন্তু আপুনি জানি আচৰিত হ'ব যে তাইৰ কেনেকৈ তেজ পান কৰাৰ অভ্যাস গঢ়ি উঠিছিল।
জৰ্জিয়াৰ তেজ পান কৰাৰ অভ্যাস ভেম্পায়াৰৰ লগত জড়িত ফিল্ম টোৱাইলাইট, ট্ৰু ব্লাড, ভেম্পায়াৰ ডায়েৰী চোৱাৰ পিছত আহিছিল । জৰ্জিয়াৰ মতে, তাইৰ দৰে বহুতো তেজ পান কাৰী লোক ব্ৰিছবেনৰ ব্লাডলাষ্ট বল ইভেণ্টলৈ আহে। তাতে তাই প্ৰেমিক জমাইলক লগ পাইছিল। জৰ্জিয়াই তাইৰ প্ৰেমিকৰ পৰা তেওৰ তেজ পান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু সি ভয় নকৰাকৈ তাইৰ বাবে সাজু হৈছিল।
আপুনি জানি আচৰিত হ'ব যে দুবছৰ ধৰি একেলগে থকা তাইৰ প্ৰেমিকে তাইক প্ৰতি সপ্তাহত তেওঁৰ তেজ খুৱাইছিল। সেয়েহে এই অভ্যাসৰ বাবে জৰ্জিয়া বহুতো ৰোগত আক্ৰান্ত হয়। তাইৰ ৰক্তহীনতাৰ লগতে থেলাচেমিয়াও আছে। ইয়াৰ বাবে তাই তেজৰ সোৱাদ ভাল পায়। কেৱল সেয়াই নহয় ভেম্পায়াৰ ৰ দৰে তাই ৰ'দত যাবলৈ ভয় কৰে।
By-Ankur Nath