জীৱিকাৰ মাধ্যম ৰূপে স্কেটছ্ অংকন।পুলিচে কিয় বিচাৰে স্কেটছ্ শিল্পীক? : Sketch Art as profession
স্কেটছ্ শিল্প বা কাৰ্টুন অংকনৰ বিষয়ে আমি সকলোৱে পৰিচিত, নহয় জানো? বৰ্তমান সময়ত মত প্ৰকাশৰ এক মাধ্যম ৰূপেও ই জনপ্ৰিয়তা অৰ্জন কৰিছে।এই স্কেটছ্ অংকণ ক আপুনি যে জীৱিকা হিচাপেও ল'ব পাৰে জানেনে? হয়! আপুনিও যদি ছবি আঁকি ভাল পাই আৰু এই বিষয়েৰেই ভৱিষ্যত গঢ়িম বুলি ভাবিছে , তেন্তে আপুনিও আপোনাৰ চিত্ৰ অংকনৰ নিচাক , স্কেটছ্ শিল্পী ৰূপে পেছা লৈ পৰিবৰ্তন কৰিব পাৰে। বৰ্তমান সময়ত ই এক অতি সুন্দৰ কেৰিয়াৰ বিকল্প,যিয়ে আপোনাক যথেষ্ট টকা পইচা আৰ্জনৰ সুবিধা দিয়াৰ লগতে সন্মানো প্ৰদান কৰিব।কি এই স্কেটছ্ অংকন? ইয়াৰদ্বাৰা কি কি চাকৰিৰ বাবে আবেদন কৰিব পাৰিব? সবিশেষ জানো আহক-
স্কেটছ্ অংকন হ'ল একপ্ৰকাৰ চিত্ৰ অংকন পদ্ধতি। স্কেটছ্ সমূহ হাতেৰে অংকন কৰা হয়। কোনো কোনো ক্ষেত্ৰত সম্পূৰ্ণ ছবিখন অঁকা ৰ আগতে অংকন কৰা ৰেখাংকনকো স্কেটছ্ বুলিয়েই কোৱা হয়।
সৰহসংখ্যক স্কেটছ কাঠ পেঞ্চিল বা গ্ৰেফাইট পেঞ্চিলেৰে অংকন কৰা হয়। কেতিয়াবা ৰঙীন পেঞ্চিল, কয়লা, পেষ্টল ৰং(pastles colour) আদিও স্কেটছ্ অংকন ত ব্যৱহাৰ কৰা হয়।কিছু সংখ্যক শিল্পীয়ে কলম বা মাৰ্কাৰো ব্যৱহাৰ কৰে।
স্কেটছ্ অংকন কৰিবলৈ আৰু কিছুমান সামগ্ৰী ৰ প্ৰয়োজন হয়। উন্নত মানৰ আৰ্ট কাগজ , এখন ভাল স্কেটছ্ অংকন কৰিবলৈ অতি প্ৰয়োজনীয়। অংকন কৰোঁতে কেতিয়াবা ভুল হোৱাটো স্বাভাৱিক। তেনে ক্ষেত্ৰত শিল্পী সকলে ৰবৰ ব্যৱহাৰ কৰে।ৰবৰ ব্যৱহাৰ কৰি ধূসৰ হৈ পৰা অংশৰ বাবে তথা ছবিখনত উজ্জ্বলতা আনিবৰ বাবে, তেওঁ লোকে এক বিশেষ ধৰনৰ জুলীয়া স্প্ৰে ( lacquer spary) ব্যৱহাৰ কৰে।
কাম কৰাৰ পৰিৱেশ :
এজন স্কেটছ্ শিল্পীয়ে বহু ধৰণৰ চাকৰি কৰাৰ সুবিধা লাভ কৰে। তেওঁ লোকে আন লোকক বিচৰাধৰণে চিত্ৰ অংকন কৰি দিয়ে, তেওঁ লোকে জীৱন্ত বস্তু বা দৃশ্য ও ,যেনে- মডেল অংকন আদি ৰ কামো কৰে।
স্কেটছ্ শিল্পী এজনে আইনী ক্ষেত্ৰটো চাকৰিৰ বাবে আবেদন কৰিব পাৰে।যেনে- অপৰাধীৰ ফটো নাথাকিলে, কেৱল চকুৰ সাক্ষী জনৰ বৰ্ণনামতে অভিযুক্ত লোকজনৰ স্কেটছ্ অংকন কৰি দিব লাগে। সেয়ে স্কেটছ্ শিল্পী এজন আৰক্ষী তথা অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ বাবে অতি প্ৰয়োজনীয়। শিল্পী জনে অংকন কৰা ছবিকেই আৰক্ষীয়ে ' Wanted posters', বাতৰি কাকত তথা টেলিভিছনত প্ৰকাশ কৰে ,যাৰদ্বাৰা তেওঁ লোকে সহজেই অভিযুক্ত ক বিচাৰি উলিয়াব পাৰে। গতিকে স্কেটছ্ শিল্পী এজনে আৰক্ষী বিভাগতো চাকৰিৰ বাবে আবেদন কৰিব পাৰে।
স্কেটছ্ শিল্পী এজনে ' Courtroom Sketch artists' হিচাপেও কাম কৰিব পাৰে। কিছুমান আদালত বা আদালতৰ গোচৰত( বিশেষকৈ হাই প্ৰ'ফাইল গোচৰ) , কেমেৰাৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰখা হয়। তেনে ক্ষেত্ৰত তেওঁ লোকে এজন স্কেটছ্ শিল্পী নিয়োগ কৰে, যিগৰাকীয়ে গোচৰ চলি থকা সময়ৰ ছবি আঁকে।এই ছবিখনে উকীল, বিচাৰক, অভিযুক্ত, সাক্ষী সকলোকে সামৰি লয়। অৱশ্যে এনেক্ষেত্ৰত স্কেটছ্ শিল্পী জন যথেষ্ট খৰ হোৱাটো প্ৰয়োজনীয়, যিহেতু জীৱন্তে চলি থকা দৃশ্য এটাৰ ছবি তেখেতে আঁকিব লগা হয়।
শিক্ষাগত অৰ্হতা:
এজন স্কেটছ্ শিল্পী হ'বলৈ সাধাৰণতে কোনো বিশেষ ডিগ্ৰীৰ প্ৰয়োজন নহয়। পিছে যিসকলে স্কেটছ্ অংকনক কেৰিয়াৰ হিচাপে ল'বলৈ অতিশয় আগ্ৰহী, তেওঁ লোকে চিত্ৰাংকন বিদ্যালয়ৰ পৰা ডিগ্ৰী ল'ব পাৰে। এনেধৰণৰ সহায়ক ডিগ্ৰীৰ বাবে দুবছৰৰ আৰু সম্পূৰ্ণ স্নাতক ডিগ্ৰী ৰ বাবে চাৰিবছৰীয়া পাঠ্যক্ৰম ৰ সুবিধা আছে। আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে 'ফাইন আৰ্ট', ড্ৰয়িং বা ' ইলাছট্ৰেছন'(Illustration) বিষয়কো পাঠ্যক্ৰম হিচাপে ল'ব পাৰে।
যিসকল লোক আদালত সম্বন্ধীয় স্কেটছ্ শিল্পী ( Forensic Sketch artists) হ'ব বিচাৰে, তেওঁ লোকে এই বিষয়ত বিশেষ ডিগ্ৰী ল'ব পাৰে।আইন প্ৰৱৰ্তন বা অপৰাধী ন্যায় ( Law enforcement or Criminal justice) বিষয়ত অধ্যয়ণৰত ছাত্ৰ ছাত্ৰ-ছাত্ৰীক নিযুক্তি ৰ ক্ষেত্ৰত অধিক অগ্ৰাধিকাৰ দিয়া দেখা যায়। কোনো কোনো ক্ষেত্ৰত নিযুক্তিৰ বাবে "International Association for Identification" ৰ প্ৰমাণ পত্ৰৰো প্ৰয়োজন হ'ব পাৰে।ই হৈছে বিশ্বজুৰি থকা এক আদালত সম্বন্ধীয় আগশাৰীৰ সংস্হা। এজন ফৰেনছিক স্কেটছ্ শিল্পী হ'বৰ বাবে কথোপকথন কলা, শ্ৰৱণ কলা লগতে অপৰিসীম ধৈৰ্য শক্তি ৰ অধিকাৰী হোৱাটো প্ৰয়োজনীয়।
দৰমহা/ উপাৰ্জন :
' Bureau of Labour Statistics' ৰ মতে, সকলো স্কেটছ্ শিল্পীকে 'Fine Artists' ৰ শাৰীতে গন্য কৰা হয়।২০১৭ চনৰ তথ্য অনুসৰি , এজন স্কেটছ্ শিল্পী ৰ দৰমহা বছৰি প্ৰায় ৪৯১৬০ ডলাৰ পৰ্যন্ত হয়,যি ভাৰতীয় হিচাপে প্ৰায় ৩৬,৭৩,৩০৮ টকা হ'ব। অৱশ্যে এজন স্বাধীন ভাৱে কাম কৰা ( Freelance) স্কেটছ শিল্পী ৰ উপাৰ্জন উপৰোক্ত উপাৰ্জনতকৈ কম/ বেছি হ'ব পাৰে।
সৰহ সংখ্যক স্কেটছ্ শিল্পীয়ে স্বাধীন ভাৱে কাম কৰা দেখা যায়। তেওঁ লোকে উপযুক্ত মূল্যৰ বিনিময়ত বিচৰাধৰণৰ স্কেটছ অংকন কৰি দিয়ে। অতিশয় মেধাসম্পন্ন স্কেটছ্ শিল্পীৰ স্কেটছ্ সমূহ আৰ্ট গেলেৰী, মিউজিয়াম আদিতো ৰখা হয়। আপুনি দৰমহা প্ৰাপ্ত কৰ্মচাৰী হিচাপে কাম কৰিব বিচাৰিব নে স্বাধীন ভাৱে কাম কৰিব সেইয়া সম্পূৰ্ণ আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। নিজৰ সময় আৰু সুবিধা অনুযায়ী কাম কৰাৰ সুবিধাৰ বাবে ও স্কেটছ্ শিল্পক কেৰিয়াৰ বিকল্প হিচাপে বাছনি কৰা ৰ অন্যতম কাৰণ হ'ব পাৰে আপোনাৰ বাবে,নহয় জানো?
By- Smriti Kakati