১৯১৮ চনৰ মহামাৰী স্পেনিছ ফ্লু আৰু হুইস্কি (Whiskey)
ক'ভিদ - ১৯ মহামৰীয়ে বৰ্তমান সমগ্ৰ বিশ্বত যি দৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে, তেনে ধৰণৰ ঠিক একেই অৱস্থাৰ সন্মুখীন হৈছিল বিশ্ববাসী ১৯১৮ চনত স্পেনিছ ফ্লু প্ৰাদূৰ্ভাৱ হওঁতে। এই ৰোগও অতিশয় সংক্ৰামক আছিল। যাৰ ফলত এই ৰোগৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থাকিবলৈ চিকিৎসক , নাৰ্ছ বা সৰ্ব সাধাৰণ ৰাইজেও মাস্ক পৰিধান কৰা আৰু সামাজিকদূৰত্ব বজাই ৰখাৰ দৰে নিয়ম মানিব লগা হৈছিল। চিকিৎসকসকলে পি পি ই কিটৰ দৰে পোছাক তথা গাউন ১৬ ঘণ্টা পৰ্যন্ত পৰিধান কৰিব লগা হৈছিল ।
আপুনি জানি আচৰিত হ'ব যে, উপযুক্ত ঔষধৰ অভাৱত সেই সময়ত ৰোগী সকলক সেৱন কৰিবলৈ দিয়া হৈছিল হুইস্কি। হুইস্কি সেৱনৰ ফলত ৰোগীসকলৰ ভাল নিদ্ৰা হৈছিল ,আৰু ইয়ে ৰোগ সংক্ৰমণত কিছু পৰিমানে বাধা আৰোপ কৰিছিল। পোনপ্ৰথমে ৰোগীসকলক সকাহ দিবৰ বাবে এই নিষিদ্ধ সুৰা অতি কম পৰিমাণে দিয়া হৈছিল। পাছত দেখা গৈছিল, ই ৰোগীক সোনকালে আৰোগ্য হোৱাত সহায়ক হৈছে।
মাৰ্কিন নৌ বাহিনীত কৰ্মৰত নাৰ্ছ জোসি মাবেল ব্ৰাউনে নৌ বাহিনীৰ পৰা ঘূৰি আহি জনাইছিল , "ৰোগীৰ সংখ্যা ইমান বেছি আছিল যে আমাৰ সেই সময়ত ৰোগীসকলৰ বাবে আটাইবোৰ পৰীক্ষা - নিৰীক্ষা কৰিবলৈ আমাৰ একেবাবেই সময়ৰ নাটনি হৈছিল। আমি না ৰোগীৰ তাপমাত্ৰা জুখিব পৰিছিলোঁ বা ৰোগীৰ ৰক্তচাপ জুখিব পৰিছিলোঁ। আমি তেওঁলোকক কেৱল কিছু গৰম হুইস্কি দিছিলোঁ। একমাত্ৰ তাকেহে আমি কৰিবলৈ সময় পাইছিলোঁ। আমি ভাবিছিলোঁ হুইস্কি সেৱনৰ ফলত তেওঁলোকৰ হয়তো সাংঘাতিক নাকৰ তেজ ওলাব! কিন্তু আচৰিত কথা যে তেনেকুৱা একো হোৱা নাছিল। বৰঞ্চ তেওঁলোকৰ কিছুমান বেছ উত্তেজিত হৈছিল আৰু হাঁও- ফাঁওৰ বিন্ধাবোৰ খোল খাই গৈছিল। তাৰ পাছত তেওঁলোকে বুকু ভৰাই উশাহ লৈছিল। তাৰ পাছত দেখা গৈছিল তেওঁলোকৰ বাহুত ঘামৰ বিৰিঙনি। "
এজন সুৰাপান ব্যৱসায়ীয়ে সেইসময়ৰ কথা সুঁৱৰি কৈছিল যে, আন সময়তকৈ সেইসময়ত তিনিগুণ সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি পাইছিল। ডাক্টৰেও ৰোগীসকলৰ প্ৰেছক্ৰিপত হুইস্কি খাবলৈ উপদেশ দিছিল।কোনোদিন হুইস্কি নোখোৱা লোকেও সেইসময়ত তেওঁৰ দোকানলৈ হুইস্কি কিনিবলৈ আহিছিল।
আইয়াৰলেণ্ডত আটাইতকৈ বেছি মানুহৰ মৃত্যু হৈছিল। তাত সেইবাবে স্বাস্থ্য কৰ্মী আৰু ডাক্টৰ সকলে হুইস্কিক প্ৰতিষেধক হিচাপে সেৱন কৰিছিল।তদুপৰি সেইসময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ জনসাধাৰণৰ অনুৰোধত ইয়াৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিব লগা হৈছিল, আৰু ঔষধ হিচাপে প্ৰয়োগ কৰিবলৈ সন্মতি প্ৰদান কৰিছিল।
ইতিমধ্যে এই কথা গৱেষণাত প্ৰমাণিত হৈছে যে দিনে ১বা২ গ্লাছ সুৰাপান কৰিলে স্বাস্থ্যবান দেহৰ ক্ষতি নকৰে। কিন্তু জোখতকৈ অধিক সুৰাপান কৰিলে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। মানুহৰ এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা নহালৈকে ,স্পেনিছ ফ্লুৱে ১৯১৮ -১৯২০ চনলৈ বিশ্বৰ ৫০-১০০ নিযুত মানুহৰ জীৱন ল'লে, ঠিক এতিয়া যেনেকৈ ক'ভিদ -১৯ য়ে লৈ আছে। কিন্তু এতিয়া আমি ভাগ্যবান যে ভাৰতে অতি সোনকালে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ covaxin আৰু covishied দৰে ভেকচিন তৈয়াৰ কৰি উলিয়াইছে। সকলোৱে এই ভেকচিন ল'লে আমি নিশ্চয় ক'ভিদ-১৯ ক পৰাস্ত কৰিব পাৰিম। আৰু ১৯১৮ চনত ব্যৱহাৰ কৰা হুইস্কিৰ পৰাও আঁতৰি থাকিব পাৰিম।