লকডাউন বা সান্ধ্য আইনৰ সময়ত আপোনাক কোনো আৰক্ষীয়ে মাৰপিট কৰিছে নেকি ? তেন্তে কৰক এই কাম
Covid 19 ৰ সংক্ৰমনে মানৱ জীৱন ক্ৰমান্বয়ে ধ্বংসৰ দিশে আগবঢ়াইছে । দৈনিক লাখ লাখ লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । শতকৰা ৯৫% লোক সুস্থ হৈ উঠিছে যদিও প্ৰতিদিনে আক্ৰান্ত ব্যক্তিৰ সংখ্যা কম হোৱা নাই । যাৰ বাবে চৰকাৰ প্ৰশাসনে এই মহামাৰীক ৰোধ কৰিবলৈ বিভিন্ন প্ৰদক্ষেপ হাতত লৈছে । ইয়াৰ লগে লগে ঠায়ে ঠায়ে সান্ধ্য আইন , লকডাউন দিয়া দেখা গৈছে । তাৰো উপৰি প্ৰতিদিনে নতুন নতুন SOP জাৰি কৰি সৰ্বসাধাৰণ জনতাক বিপাঙত পেলাইছে । কাৰণ প্ৰত্যেক দিনাই প্ৰশাসনৰ SOP বা বাতৰি চোৱাৰ সময় নাথাকে বা বহুতৰে ঘৰত আজি Tv mobile উপলব্ধ নহয় । আপুনি জৰুৰি সময়ত যদি আপুনি কামলৈ উলাই যায় বা মাক্স পিন্ধি নিজৰ কৰ্মত যায় কেতিয়াবা মুখামুখি হয় এনে আৰক্ষী বিষয়াৰ যিয়ে আপোনাক বিনা কাৰণত লাঠিৰে কোবাব নোৱাৰে । উচ্চতম ন্যায়লয়ৰ ৰায়দান অনুসৰি কোনো আৰক্ষীয়ে লকডাউন বা অন্য কোনো কাৰণতে আৰক্ষীয়ে আপোনাক লাঠিৰে কোবাব বা গালি গালাজ কৰিব নোৱাৰে ।
হয় এইয়া মহামান্য ন্যায়লৰ আইন । এই ক্ষেত্ৰত আৰক্ষীয়ে ন্যায়লয়ৰ কাষ চাপিছিল আৰু যুক্তি দাঙি ধৰিছিল যে মানুহক পিটন নিদিলে মানুহ বিনা কাৰণত ঘৰৰ পৰা উলাই আহে । তথাপিও ন্যায়ালয়ে ইয়াক মানি লোৱা নাই আৰু কোনো ব্যক্তিক লাঠিৰে কোবোৱাৰ অধিকাৰ দিয়া নাই । ইয়াৰ পৰিবৰ্তে SOP নমনাজনক 2 , ৩ দিনৰ বাবে থানাত বহাই থোৱৰ আইনহে আছে । তাৰ পিছত Covid পৰীক্ষা , যদি সেই পৰিক্ষাত Postive result উলাল তেন্তে আইনগত ব্যৱস্থা কৰিব পাৰিব আৰক্ষীয়ে । Sop protocol উলংঘন কৰা ব্যক্তি জনৰ বিৰুদ্ধে আইন মতে IPC ধাৰা 188 & 271 sec 51 DM Act ৰ অধিনত দোষী সাবস্ত্য হ'ব আৰু ৬ ৰ পৰা ১ বছৰ পৰ্যন্ত আৰু জৰিমনা বিহা হ'ব । কিন্তু কেৰেলা High court য়ে আৰক্ষীক এক Guidline দিলে যে কোনো ব্যক্তিকেই লাঠি চাৰ্জ কৰিব নোৱাৰিব । ই আইন মতে দণ্ডনীয় হ'ব । যদি কোনো আৰক্ষীয়ে আপোনাক পিটিলে তেন্তে Court ত গৈ FIR দিব পাৰে । আৰু সেই আৰক্ষী বিষয়া গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । ধাৰা 156 CRPC subsection 3 ৰ জ্বৰিয়তে দোষীক শাস্তিৰ বাবে FIR দিব পাৰে । IPC 166 ৰ সহায়ত আবেদন মঞ্জুৰী হ'ব আৰু তদন্ত আৰম্ভ হ'ব ।
কিন্তু এষাৰ কথা আছে লাঠিৰ মোৰতহে বিদ্যা । যিসকলে অনাহকত ঘুৰি ফুৰে তেওঁ লোকৰ বাবে আৰক্ষীৰ লাঠিয়েহে জ্ঞান ঘুৰাই দিব ।