১০হাজাৰ ৰাণ বনোৱা প্ৰথম ভাৰতীয় মহিলা ক্ৰিকেটাৰ হ'ল মিতালী ।
মহিলা এদিনীয়া আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট টিমৰ কেপ্তেইন মিতালী ৰাজ , আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ হাজাৰ ৰান
বনোৱা প্ৰথম ভাৰতীয় আৰু বিশ্বৰ দ্বিতীয় মহিলা ক্ৰিকেটাৰ। মিতালীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা তৃতীয় এদিনীয়া খেল খনত এই ৰেকৰ্ডতো তেওঁ নিজৰ নাম কৰে । এই খেল খনৰ পূৰ্বে মিতালীৰ নামত আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৯৯৬৫ ৰান আছিল । মিতালীয়ে দক্ষিণ আফ্ৰিকাৰ এনে.ৱাছ ৰ বলত চাৰি কোবাই নিজৰ ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰে । মিতালীয়ে এই খেল খনত ৫০টা বলত ৫টা চাৰি কোবাই ৩৬ৰান সংগ্ৰহ কৰে ।
ইয়াৰ লগতে মিতালী প্ৰথম মহিলা ক্ৰিকেটাৰ হৈ গল,যিয়ে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত ১০হাজাৰ ৰান সম্পূৰ্ণ কৰে। যাৰ পূৰ্বে কোনো ভাৰতীয় মহিলা ক্ৰিকেটাৰে এই কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল। ৩৫বছৰীয়া এই খেলুৱৈ গৰাকীৰ নামত ৭৫অৰ্ধ শতক আৰু ৮টা শতক চামিল আছে।তেওঁ এতিয়ালৈ টেষ্ট ক্ৰিকেটত ৫১.০০গড়ে ৬৬৩ ৰাণ, ২১২ এদিনীয়া ক্ৰিকেটত ৫০.৫৩ গড়ে ৬৯৭৪ আৰু টি-২০ ক্ৰিকেটত ৮৯ মেচত ৩৭.৫২ গড়ে ২৩৬৪ ৰান সংগ্ৰহ কৰিছে ।
আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত মিতালীৰ স্কৰ-
টেষ্ট-663 ৰান, গঁড়-51.00
এদিনীয়া–6974 ৰান , গঁড়-50.53
টি-২০– 2364 ৰান, গঁড়-37.52
১০০ খন এদিনীয়া মেচ খেলা পঞ্চতম ভাৰতীয় মহিলা খেলুৱৈ হল হৰমনপ্ৰীত ।
উপ-কেপ্তেইন হৰমনপ্ৰীতে এদিনীয়া আন্তঃ ৰাষ্ট্ৰীয় খেলত এতিয়ালৈ ৩৪.৮৮ গড়ে ২৩৭২ ৰান বনাইছে।য'ত ৩টা শতক আৰু ১১টা অৰ্দ্ধ শতক আছে। এদিনীয়া খেলত তেওঁৰ সৰ্বোত্তম স্কৰ ১৭১ৰান। ১১৪ খন টি-২০ মেচত ১০৩ সৰ্বাধিক স্কৰৰে ২৬.৯৮ গড়ে ২১৮৬ ৰান সংগ্ৰহ কৰে, য'ত ১টা শতক আৰু ৬টা অৰ্দ্ধ শতক চামিল আছে ।

