আপোনাৰ প্ৰাণ ল'ব পৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ মাছ
আমীষভোজীৰ কাৰণে মাছ এবিধ প্ৰিয় খাদ্য। ভিন্ন লোকে ভিন্ন মাছৰ সোৱাদ ভাল পায়।মাছ ধৰাটো এচাম লোকৰ চখ।
কিন্ত এই পৃথিৱীত কিছুমান মাছ আছে সেইবোৰ খোৱাৰ দূৰৰে কথা , সেইবোৰ ধৰিবলৈ আপোনাৰ বুকু কপি উঠিব। সেইবোৰ প্ৰযুক্তিবিদ্যাৰ আহিলাৰেহে ধৰিব পৰা যায়।
আজি জনাব বিচাৰিছো পৃথিবীৰ দুবিধ ভয়ংকৰ মাছৰ বিষয়ে।
এতিয়া সেয়া জানো আহক-
১। স্পটফিন লায়নফিশ্ব: এই মাছবিধ ভাৰতৰ ক্ৰান্তীয় অঞ্চল আৰু পশ্চিম প্ৰশান্ত মহাসাগৰত পোৱা যায়।ই উপহ্ৰদ বা সাগৰৰ জলপৃষ্ঠৰ ঠিক ওপৰত ওলাই থকা বা ঠিক তলতে থকা শিলৰ মাজত দিনৰ ভাগত লুকাই থাকে। পিছে সিহত ৰাতি তাত নাথাকে; তাৰপৰা ওলাই আহি সিহতে ৰাতি এবিধ মিছা মাছ আৰু কেকোৰা চিকাৰ কৰে।এই মাছবিধৰ গাত মূগা আৰু বগা ৰংৰ ঠেক খণ্ডৰ পটিৰ দৰে চিন আছে।
আচৰিত কথাটো হৈছে, মাছবিধৰ গাত কাইটীয়া পাখি আছে যাৰ দ্বাৰা সিহতে নিজকে ৰক্ষা কৰে।
সিহতৰ কাইটীয়া দীঘল পাখিবোৰ অত্যন্ত বিষাক্ত যিবোৰে মানুহক হানিলে বমি হ'ব পাৰে আৰু গুৰুতৰভাবে শ্বাসপ্ৰশ্বাসত প্ৰভাৱ পেলাব পাৰে। তেতিয়া কিছুমান লোকৰ প্ৰাণ যোবাৰো সম্বাৱনা থাকে।
২।ফূগু: সমৰ বিশ্বত ১২০ ৰো অধিক প্ৰজাতিৰ এই মাছবিধ আছে।এইবিধ মাছৰ বেছিভাগ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় মহাসাগৰত থাকে।ইহতৰ কিছুমান ঈষৎ লুণীয়া আৰু নিৰ্মল পানীতো থাকে।ইহতৰ গাটো দীঘল আৰু মূৰৰ ফাললৈ চিয়া।কিন্তু ইহতৰ মূৰবোৎ গোল অৰ্থাৎ নোদোকা আৰু ঘূৰণীয়া।
ইহত দুফূটৰো অধিক দীঘল হয়।এই মাছবিধৰ গাটো খহটা আৰু গাত জোঙা গজালৰ দৰে অংগ থাকে।ইহতৰ ছাল, যকৃত আৰু অন্তত বিষ থাকে যি ৩০ জন লোকৰ প্ৰাণ ল'ব পাৰে। কাৰণ এই মাছবিধৰ মাত্ৰ এটাৰ দেহত থকা বিষখিনিয়েই চায়ানাইদৰ বিষতকৈও ২৫ বিষাক্ত।