যদি আপোনাৰ মবাইল ফোন চোৰ হৈছে : তেনেহলে চিন্তিত হোৱাৰ কোনো কাৰণ নাই : How to find lost mobile phone

যদি আপোনাৰ মবাইল ফোন চোৰ হৈছে , তেনেহলে আপোনাৰ মবাইল ফোন টো পুনৰ পাবৰ বাবে follow কৰক এই সাধাৰণ tips কেইটা । 

How to find lost mobile phone


যদি Smartphone চুৰি হৈছে , তেনেহলে চিন্তিত হোৱাৰ কোনো কাৰণ নাই । আপুনি ঘৰতেই বহি সেই মবাইল ফোন টো ঘূৰাই পাব পাৰে । ইয়াৰ বাবে user সকলে কেইটামান সাধাৰণ tips follow কৰিব লাগিব । লগতে আপোনাৰ মবাইল টো অতি সহজেই ট্ৰেছ কৰিব পাৰিব । সেই মবাইল টোৰ দাতা সমূহো recover কৰিব পাৰিব । আজি আপোনালোকক জনাম যে আপোনালোকৰ মবাইল ফোন টো চুৰি হোৱাৰ পিছত পোন প্ৰথমতে কি কৰিব লাগে , যাৰ ফলত মবাইল ফোন টো পুনৰ ঘূৰাই পোৱাৰ সহায় হয় । 

Telecommunication ৰ তৰফৰ পৰা Central Equipment Identity Register নামৰ এটা ৱেবছাইট মুকলি কৰা হৈছিল , যি টো ৱেবছাইট চুৰি হোৱা মবাইল বিলাকৰ বিষয়ে জানিব বাবে বনোৱা হৈছিল । এই ৱেবছাইট টোৰ জৰিয়তে চুৰি হোৱা মবাইল টো ব্লক আৰু আনব্লক কৰিব পৰা যায় , আৰু লগতে মবাইল টোৰ location ও চাবলৈ পাৰি । 

মবাইল টো চুৰি হলে সকলোতকৈ প্ৰথমতে মবাইল টো চুৰি হোৱাৰ report দাখিল কৰিব লাগিব । এইটো অনলাইন ও আপুনি দাখিল কৰিব পাৰে , যাৰ দ্বাৰা চুৰি হোৱা মবাইল টোৰ FIR নম্বৰ generate হব । FIR দাখিল হোৱাৰ পিছত আপোনাৰ চুৰি হোৱা মবাইল টোৰেদি যদি কিবা কাণ্ড সংঘটিত কৰে তেনেহলে তাৰ বাবে আপোনাক জগৰীয়া কৰা নহব । কেনেকৈ ঘূৰাই পাব আপোনাৰ মবাইল ফোন টো….

Read more :- পেট খোলোচা নোহোৱা বা শৌচ অতি কঠিন হোৱা বিকাৰ বা গেছৰ বাবে যদি চিন্তিত হৈছে তেনেহলে কৰক এই চাৰিটা কাম ।

FIR দাখিল হোৱাৰ পিছত CEIR ৱেবছাইটলৈ যাব লাগিব । 

ইয়াত আপোনালোকে তিনিটা option Block/Lost Mobile , Check Request Status আৰু Un-Block Found Mobile দেখিব । 

 যদি চুৰি হোৱা মবাইল টো পুনৰ ঘূৰাই পালে তেনেহলে Un-Block Found Mobile option টোত ক্লিক কৰিব । 

ইয়াৰ পিছত এটা পেজ খোল খাব । য'ত আপুনি আপোনাৰ মবাইল নম্বৰ টো দিব লাগিব আৰু লগতে IMEI নম্বৰ আৰু মবাইল টোৰ কোম্পানীৰ বিষয়ে সবিশেষ দিব লাগিব । ইয়াৰ বাহিৰেও মবাইল টোৰ মডেল আৰু মবাইল টোৰ বিল খন আপলোড কৰিব লাগিব । 

ইয়াৰ পিছত মবাইল ফোন টো হেৰুওৱা ঠাই খিনি , জিলা , আৰক্ষী চকী , FIR নম্বৰ , মবাইল ফোন টো হেৰুওৱা তাৰিখ লাগিব । 

এইখিনি দিয়াৰ পিছত আপুনি আপোনাৰ নিজৰ বিষয়ে দিব লাগিব , যেনে আপোনাৰ ঠিকনা , আৰু আপোনাৰ মবাইল নম্বৰ দিব লাগিব । তাৰ পিছত আপোনাৰ নম্বৰ টোত এটা OTP যাব । সেইটো submit কৰাৰ পিছত Final Submit option টোত ক্লিক কৰিব লাগিব । ইয়াৰ পিছত আপোনাৰ চুৰি হোৱা মবাইল টোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব , আৰু লগতে চুৰি হোৱা মবাইলটো ট্ৰেছ কৰিব পাৰিব ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.