উচ্ছেদিত বেদখলকৃত ভূমিত স্বৰ্ণ মন্দিৰৰ আৰ্হিত নিৰ্মাণ হব গুৰুজনাৰ জন্মস্থান
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক বিশ্ব পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ মানসেৰে স্বৰ্ণ মন্দিৰৰ আৰ্হিত নিৰ্মাণ হব বটদ্ৰৱা থান । বিজেপি চৰকাৰে ৰাজ্যত শাসন ভাৰ হাতত লৈয়েই বটদ্ৰৱা থানৰ বেদখলকৃত ভূমি উচ্ছেদ কৰিছিল । এই উচ্ছেদিত ভূমিত নিৰ্মান হবলৈ গৈ আছে ভাৰতবৰ্ষৰ আগশাৰীৰ তীৰ্থস্থান সদৃশ প্ৰকল্প । অহা ১৫ জানুৱাৰী তাৰিখৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা স্থাপন কৰিব বুলি জনায় বিধায়িকা আঙুৰলতাই ।
মূঠ ১৮০ বিঘা ভূমি সামৰি নিৰ্মান হবলগীয়া এই প্ৰকল্পত প্ৰতিফলিত হব গুৰু জনাৰ সৃষ্টিৰাজি । ইতিমধ্যে আধাৰশিলা নিৰ্মানৰ বাবে বৃহৎ আকাৰৰ অস্থায়ী মণ্ডপ তৈয়াৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মূঠ *১৫৫* কোটি টকা ব্যয়ৰে নিৰ্মান হবলগীয়া প্ৰকল্পটোক লৈ আনন্দিত হৈ পৰিছে বটদ্ৰৱাবাসী । বৃহস্পতি বাৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই হবলগীয়া প্ৰকল্পটোৰ আধাৰশিলাৰ বাবে যাৱতীয় প্ৰস্তুতি পৰ্যবেক্ষন কৰি সন্তুষ্টি লাভ কৰে ।এই ঐতিহাসিক আধাৰশিলা অনুষ্ঠানত আনুমানিক ২৫-- ৩০ হাজাৰ ভক্ত বৈষ্ণৱৰ লগতে অসমৰ বিভিন্ন সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ সকল উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰিছে বিধায়িকা গৰাকীয়ে ।
ধিঙৰ পৰা সুষুমা খাতুন TIMES GUWAHATI