ঘৰতে বহি লাভ কৰিব পাৰিব অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী : glossary app by assam three man

 উদ্ভাৱনী চিন্তাৰ অধিকাৰী মাৰ্ঘেৰিটাৰ তিনি যুৱক : নিৰ্মান কৰি উলিয়ালে এটি অনলাইন এপ : ঘৰতে বহি লাভ কৰিব পাৰিব অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী 



মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰীৰ ৰিপৰ্ট  ১০ ডিচেম্বৰ

মাৰ্ঘেৰিটাৰ কেইজনমান ব্যতিক্ৰমী যুৱক ৷ মুকুন্দ ভট্টাচাৰ্যী ,চিবু দেৱনাথ ,দীপ দাস নামৰ যুৱক কেইজনে ব্যতিক্ৰমী চিন্তাৰে আৰম্ভ কৰিলে "স্পট কাৰ্ট "নামৰ এটা বিশেষ এপ ৷৷ এই এপটোৰ জড়িয়তে জনসাধাৰনে ঘৰতে বহি লাভ কৰিব পাৰে  নিম্নতম  মুল্যত  ঘৰৰ প্ৰয়োজনীয় খাদ্য সা - সামগ্ৰী ৷৷ Google ply store ৰ জড়িয়তে বৰ্তমান উপলব্দ হৈছে এই বিশেষ এপটো ৷ তাৰোপৰি ৭০০২২৪৭০৩ নম্বৰৰ জড়িয়তে আপুনি অৰ্ডাৰ কৰিব পাৰিব বিভিন্ন খাদ্যসামগ্ৰী ৷৷ বৰ্তমান সময়ত কেৱল মাৰ্ঘেৰিটা মহকুমাতেই সীমাবদ্ধ হৈ আছে এই সেৱা ৷৷ কিন্তূ পৰৱৰ্তী সময়ত সমগ্ৰ তিনিচুকীয়া জিলালৈ সম্প্ৰসাৰিত হোৱাৰ কথা সদৰী কৰিছে যুৱকদ্বয়ে ৷৷  বৰ্তমান যিখিনি সময়ত বহু উঠি অহা প্ৰজন্মই এটা চাকৰিৰৰ আশাত হাবাথুৰি খাই ফুৰিছে তেনেসময়তে মাৰ্ঘেৰিটাৰ মুকুন্দ ভট্টাচাৰ্যী ,চিবু দেৱনাথ ,দীপ দাস নামৰ যুৱক কেইজনে গ্ৰহন কৰা এনে পদক্ষেপক সকলোৱে প্ৰশংসা জ্ঞাপন কৰিছে ৷৷ বৰ্তমান যুৱক কেইজনে নতুনকৈ আৰম্ভ কৰা এই ব্যৱসায়ৰ যোগেদি যথেষ্ট  লাভম্বিত হোৱা বুলি উল্লেখ কৰিছে ৷৷ মাৰ্ঘেৰিটা মহকুমাৰ বহু লোকে বৰ্তমান যুৱককেইজনে নিৰ্মান কৰা এপচ বিধৰ সৈতে সংযুক্ত হোৱা বুলি জানিব পৰা গৈছে ৷৷

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.