কোঁৱৰগাঁও যুৱক সংঘৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত দীঘলবড়ি ফুটবল ক্লাব বিজয়ী

কোঁৱৰগাঁও যুৱক সংঘৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত দীঘলবড়ি ফুটবল ক্লাব বিজয়ী

কোঁৱৰগাঁও যুৱক সংঘৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত দীঘলবড়ি ফুটবল ক্লাব বিজয়ী


মৰিগাঁৱৰ নিকটৱৰ্তী কোঁৱৰ গাঁও যুৱক সংঘ‌ৰ উদ্যোগত স্থানীয় খেল পথাৰত স্বৰ্গীয় থানেশ্বৰ দাস আৰু স্বৰ্গীয় ধৰণী কোঁৱৰ সোঁৱৰণত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ৰবিবাৰে দীঘলবড়ি ফুটবল ক্লাব বনাম মালপুতা ফুটবল ক্লাব ৰ মাজত অনুষ্ঠিত হয়। 

দীঘলবড়ি ফুটবল ক্লাবে মালপুতা ফুটবল ক্লাবক ২ - ০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।খেলখন পৰিচালনা কৰে ৰেফাৰী ক্ৰমে, মানস কলিতা, অজিত নাথ,দ্বীপজ্যোতি পাটৰ আৰু ধৰণী ৰাজবংশীয়ে।

শ্ৰেষ্ঠ খেলুৱৈ বঁটা অনিল পাটৰে লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা মুন্না বৰদলৈ আৰু প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ'লদাতা হিচাপে উপেন হুকাইয়ে লাভ কৰিছে।

বিজয়ী দলক পুৰস্কাৰ হিচাপে নগদ ১৫০০১/- টকা ট্ৰফি আৰু বিজেতা দলক নগদ ১০০০১/- টকা ট্ৰফি প্ৰদান কৰে

মৰিগাঁৱৰ পৰা krishna কুমাৰ নাথৰ ৰিপ'ৰ্ট

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.